পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে কঢ়িয়াই অনা ভয়াৱহ পৰিণতিৰ বিষয়ে শেহতীয়াকৈ ‘নেচাৰ’ গৱেষণা আলোচনীত এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। এই গৱেষণা প্ৰতিবেদন অনুসৰি, অহা ২০৫০ চনৰ ভিতৰত বিশ্বৰ মুঠ হিমবাহৰ প্ৰায় আধা সংখ্যক গলি সম্পূৰ্ণৰূপে নিচিহ্ন হৈ যাব। হিমবাহ বিশেষজ্ঞ লেণ্ডাৰ ভেন ট্রিখটৰ নেতৃত্বত চলোৱা এই গৱেষণাত কোৱা হৈছে যে প্ৰতি বছৰে গড়ে ২০০০ ৰ পৰা ৪০০০ টা হিমবাহ গলি শেষ হৈ আছে।

উপগ্ৰহৰ জৰিয়তে পৃথিৱীৰ ২,১১,৪৯০ টা হিমবাহ চিনাক্ত কৰি কৰা এই পৰ্যবেক্ষণত দেখা গৈছে যে ক্ষুদ্ৰ হিমবাহসমূহ অতি দ্ৰুতগতিত গলিছে। বিজ্ঞানীসকলৰ মতে, ২০৪১ চনৰ ভিতৰত সৰ্বাধিক প্ৰায় দুহেজাৰটা হিমবাহ গলি নিঃশেষ হ’ব আৰু ২১০০ চনলৈকে বৰ্তি থাকিব মাত্ৰ ৫০ শতাংশ হিমবাহহে। বৰ্তমান পৃথিৱীৰ উষ্ণতা প্ৰাক-উদ্যোগীকৰণ যুগৰ তুলনাত ৪ ডিগ্ৰী চেন্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি পোৱাটোৱেই ইয়াৰ মূল কাৰণ বুলি চিহ্নিত কৰা হৈছে।

হিমালয়, আল্পছ আৰু হিন্দুকুশ পৰ্বতমালাৰ দ্ৰুত হিমবাহ গলনক লৈ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনেও গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই পৰিঘটনাৰ ফলত জীৱকুলৰ বাবে ভৱিষ্যতত এক ডাঙৰ খাদ্য সংকট আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে। বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে যদিহে গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, তেন্তে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এই পৃথিৱী বসবাসৰ অনুপযোগী হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *