ৰিয়ান পৰাগৰ ভেপিং কাণ্ডক লৈ এইবাৰ মুখ খুলিলে প্ৰাক্তন ভাৰতীয় তাৰকা ৰবিচন্দ্ৰন অশ্বিনে। ভাৰতৰ প্ৰাক্তন অফ-স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে কয় যে IPLৰ মেচৰ সময়ত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ ‘ভেপিং’ (Vaping) কাণ্ডটো এৰাই চলিব পৰা গ’লহেঁতেন। ইয়াৰ লগতে অশ্বিনে যুৱ খেলুৱৈসকলক ৰাজহুৱা স্থানত নিজৰ আচৰণৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ পৰামৰ্শ দিয়ে।চলিত ছিজনত ফৰ্মৰ সৈতে যুঁজি থকা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক পঞ্জাৱ কিংছৰ বিৰুদ্ধে মেচখনৰ সময়ত কেমেৰাত ‘ভেপিং’ কৰি থকা দেখা গৈছিল। ‘ভেপিং’ বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ আৰু BCCI অসম সন্তান ৰিয়ান পৰাগক ‘খেলখনক বদনাম কৰাৰ’ অপৰাধৰূপে গণ্য কৰি ২৫ শতাংশ মেচ ফীৰ জৰিমনা বিহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *