নিষিদ্ধ ড্ৰাগছ হেৰ’ইন মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। শনিবাৰে চামগুৰি অঞ্চলত এক অভিযান চলাই ৰব্বুল ইছলাম ওৰফে ৰাজু নামৰ নেতাজনক কৰায়ত্ত কৰে ৰূপহীহাট আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি, চামগুৰিত অব্যাহত থকা ড্ৰাগছ বিৰোধী নিয়মীয়া অভিযানৰ সময়তে নেতাজনৰ পৰা এই হেৰ’ইনখিনি জব্দ কৰা হয়। ধৃত ৰব্বুল ইছলাম চামগুৰিৰ কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা হোৱাৰ লগতে ইউনিয়ন বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰৰো (চিএছপি) স্বত্বাধিকাৰী।

আনহাতে তেওঁৰ পত্নী মহছিনা আৰফুজো কংগ্ৰেছ দলৰ সৈতে জড়িত আৰু বৰ্তমান জিউমাৰী পঞ্চায়তৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এই গ্ৰেপ্তাৰৰ পাছতেই চামগুৰি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, এই ড্ৰাগছ সৰবৰাহৰ সৈতে নাম সাঙোৰ খাই পৰা অঞ্চলটোৰ আৰু কেইবাগৰাকীও কংগ্ৰেছ নেতা আৰক্ষীৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। সম্প্ৰতি ধৃত ৰব্বুল ইছলামক জিম্মাত লৈ ৰূপহীহাট আৰক্ষীয়ে জেৰা চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *