অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰজোঁট। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ সৈতে মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে দলটোৰ শীৰ্ষ নেতৃত্বৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধ আৰু মতবিৰোধৰ পৰিপ্ৰেক্ষিততে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে ৰাইজৰ দলৰ সৈতে থকা সকলো ৰাজনৈতিক সম্বন্ধ প্ৰত্যাহাৰ তথা কৰ্তন কৰা বুলি এক প্ৰেছ বাৰ্তাত প্ৰকাশ কৰে দলে। বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এক আনুষ্ঠানিক সংবাদ মেল সম্বোধন কৰি এই সিদ্ধান্ত ৰাজহুৱা কৰে। উল্লেখ্য যে, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন আঞ্চলিক তথা বাওঁপন্থী দলসমূহৰ লগতে ৰাইজৰ দলৰ সৈতেও মিত্ৰতা গঢ়ি তুলিছিল কংগ্ৰেছে। কিন্তু মিত্ৰজোঁটৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰি ৰাইজৰ দলৰ নেতৃত্বই ধাৰাবাহিকভাৱে অপপ্ৰচাৰ আৰু চৰিত্ৰহননৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হোৱা বুলি প্ৰেছ বিজ্ঞপ্তিত পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। বিৰোধী মিত্ৰজোঁটৰ আন সহযোগী দলসমূহৰ বিৰুদ্ধেও ৰাইজৰ দলে অসন্মানজনক মন্তব্য কৰাৰ ফলত এনে পৰিস্থিতিত দলটোৰ সৈতে মিত্ৰতা ৰক্ষা কৰাটো কোনো কাৰণতে সম্ভৱ নহয় বুলি স্পষ্ট কৰে বিৰোধী দলপতিগৰাকীয়ে। মন কৰিবলগীয়া যে, শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক ‘দেশৰ আটাইতকৈ অপৰিষ্কাৰ দল’ বুলি তুলাধুনা দিয়াৰ পাছতেই দুয়োটা দলৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটে। আনহাতে, কংগ্ৰেছৰ এনে পদক্ষেপৰ বিপৰীতে ওলোটাই ক্ষোভ উজাৰিছে ৰাইজৰ দলেও। শাসকীয় বিজেপি চৰকাৰৰ সংখ্যালঘু বিৰোধী নীতিৰ বিৰুদ্ধে মাত মতাত কংগ্ৰেছ সম্পূৰ্ণ ব্যৰ্থ হোৱা আৰু নীৰৱ ভূমিকা পালন কৰা বুলি প্ৰত্যাক্ৰমণ চলাইছে ৰাইজৰ দলৰ নেতৃত্বই। Share this:FacebookX Related Post navigation বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী