ক’ল্ডষ্টাৰ লজিষ্টিকছে গুৱাহাটীত নিজৰ প্ৰথমটো ৱেৰহাউচিং (উদ্ধাৰ কাৰ্য/ভঁৰাল) সুবিধা মুকলি কৰি উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিছে। ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা দ্বিতীয় শ্ৰেণীৰ বজাৰসমূহৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰাৰ লগতে কোম্পানীটোৱে ইয়াৰ জৰিয়তে ছেভেন চিষ্টাৰ্ছ অঞ্চললৈ এক কৌশলগত সম্প্ৰসাৰণ চলাইছে। কামৰূপত অৱস্থিত এই ২০,০০০ বৰ্গফুটৰ বহু-তাপমাত্ৰাযুক্ত বিতৰণ কেন্দ্ৰটোৱে অসমৰ এফএমচিজি, দুগ্ধজাত সামগ্ৰী, কনফেকচনেৰী, সংসাধিত খাদ্য, স্বাস্থ্যসেৱা আৰু খুচুৰা কোম্পানীসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। একে সময়তে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু অন্যান্য চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এক আঞ্চলিক হাব হিচাপে কাম কৰিব।

এই কেন্দ্ৰটোত চাৰিটা তাপমাত্ৰা-নিয়ন্ত্ৰিত জ’ন আছে— এম্বিয়েণ্ট, ট্ৰপিকেল (+১৫° চেলচিয়াছৰ পৰা +২৫° চেলচিয়াছ), চিলাৰ (+২° চেলচিয়াছৰ পৰা +৮° চেলচিয়াছ) আৰু ফ্ৰ’জেন তাপমাত্ৰা (-২০° চেলচিয়াছ)। ইয়াৰ ফলত তাপমাত্ৰা প্ৰতি সংবেদনশীল সামগ্ৰীসমূহ একেখন ছাদৰ তলতে সংৰক্ষণ আৰু সৰবৰাহ কৰিব পৰা যাব। ক’ল্ডষ্টাৰে কয় যে সামগ্ৰীৰ গুণগত মান অক্ষুণ্ণ ৰাখিবলৈ আৰু কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ এই ৱেৰহাউচটো এআই আৰু মেচিন লাৰ্নিং ভিত্তিক লজিষ্টিক পৰিকল্পনা, প্ৰেডিক্টিভ এনালিটিক্স, আইঅ’টি কেন্দ্ৰিক চেন্সৰ আৰু স্মাৰ্ট ৱেৰহাউচিং প্ৰণালীৰে সুসজ্জিত কৰা হৈছে। কোম্পানীটোৱে গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে গ্ৰাহকসকলক জিৰো ষ্টক-আউট যোগান-শৃংখলাৰ নিশ্চয়তাও প্ৰদান কৰিব। “ভাৰতৰ দ্বিতীয় শ্ৰেণীৰ চহৰসমূহৰ মাজত ব্যৱহাৰ আৰু চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু উত্তৰ-পূৰ্বাঞ্চলো আৰম্ভণিৰে পৰাই ক’ল্ডষ্টাৰৰ পৰিকল্পনাৰ অংশ আছিল। গুৱাহাটী মহানগৰীত আমাৰ প্ৰৱেশে সমগ্ৰ উঃ-পূবত যোগান-শৃংখলাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ লগতে সংগঠিত খুচুৰা বজাৰ, কুইক কমাৰ্চ আৰু খাদ্য যোগান ধৰা প্লেটফৰ্মসমূহৰ বৰ্ধিত চাহিদাক সমৰ্থন যোগাব,”— ক’ল্ডষ্টাৰ লজিষ্টিকছৰ কাৰ্যবাহী সঞ্চালক সমীৰ বাৰ্মাই এইদৰে কয়। তেওঁ লগতে উল্লেখ কৰে যে, কোম্পানীটোৰ প্ৰযুক্তিচালিত নেটৱৰ্ক-টেক-পিপল মডেলে ডিজিটেল পৰিকল্পনা, কাৰ্যক্ষম উৎকৃষ্টতা আৰু এক নমনীয় কৰ্মচাৰী ব্যৱস্থাক একত্ৰিত কৰি ক’ল্ড-চেইন সেৱা আগবঢ়ায়।

গুৱাহাটী মহানগৰীত কৰা এই বিনিয়োগে চহৰখনক উত্তৰ-পূৰ্বাঞ্চলৰ লজিষ্টিক প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাত অধিক সহায় কৰিব। ৰাজ্যজুৰি সংগঠিত খুচুৰা ব্যৱসায়, ই-কমাৰ্চ, স্বাস্থ্যসেৱা বিতৰণ আৰু খাদ্য যোগানৰ সম্প্ৰসাৰণ অব্যাহত থকাৰ সময়তে এই আধুনিক ক’ল্ড-চেইন আন্তঃগাঁথনিৰ উপলব্ধতাই পচনশীল সামগ্ৰীৰ সৰবৰাহ উন্নত কৰিব, যোগান-শৃংখলাৰ হেঙাৰ-অসুবিধাসমূহ দূৰ কৰিব, আঞ্চলিক সংযোগ শক্তিশালী কৰিব আৰু স্থানীয় নিযুক্তিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ই উত্তৰ-পূবৰ বাবে এক প্ৰধান বিতৰণ কেন্দ্ৰ হিচাপে গুৱাহাটীৰ ভূমিকাক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিব। টাস্কান ভেঞ্চাৰ্ছৰসহযোগত ২০১১ চনত প্ৰতিষ্ঠা হোৱা ক’ল্ডষ্টাৰ লজিষ্টিকছে বৰ্তমান ভাৰতজুৰি ৪৫টা বিতৰণ কেন্দ্ৰ পৰিচালনা কৰি আছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে কোম্পানীটোৱে কিউএছআৰ, এফএমচিজি, খাদ্য সংসাধন, খুচুৰা বিক্ৰী, স্বাস্থ্যসেৱা আৰু ই-কমাৰ্চ খণ্ডৰ গ্ৰাহকসকলক তাপমাত্ৰা-নিয়ন্ত্ৰিত যোগান-শৃংখল সেৱা প্ৰদান কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *