এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ ২০২৬ চনৰ ৩০ জুন পৰ্যন্ত পৰিচালনাধীন সম্পদ(এইউএম)ৰ ক্ষেত্ৰত ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, এক অনুশাসিত বিনিয়োগ কৌশল, গ্ৰাহক-কেন্দ্ৰিক সেৱা আৰু ধাৰাবাহিক ব্যৱসায়িক বৃদ্ধিৰ বাবে নিজৰ এইউএম বছৰি ৮ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে। কোম্পানীটোৰ মতে, এই সাফল্যই নিজৰ বিচক্ষণ বিপদাশংকা ব্যৱস্থাপনা, বৈচিত্ৰ্যপূৰ্ণ বিতৰণ মাধ্যম, সামগ্ৰীৰ উদ্ভাৱন আৰু প্ৰযুক্তি-চালিত পৰিচালনা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোকে প্ৰতিফলিত কৰে। এক্সিছ মেক্স লাইফৰ বিনিয়োগ পৰ্টফলিঅ’ চৰকাৰী প্ৰতিভূতি, কৰ্পৰেট বণ্ড, ইকুইটি, বাণিজ্যিক ৰিয়েল এষ্টেট, অল্টাৰনেট ইনভেষ্টমেণ্ট ফাণ্ড (এআইএফ), ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট ট্ৰাষ্ট (আইএনভিআইটি) আৰু ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট (আৰইআইটি)লৈকে বিস্তৃত। প্ৰতিষ্ঠানটোৰ ঋণ বিনিয়োগৰ ৯৫ শতাংশতকৈও অধিক স্বতন্ত্ৰ আৰু এএএ-ৰেটিং প্ৰাপ্ত সুৰক্ষিত প্ৰতিভূতিত আৱণ্টন কৰা হৈছে, আনহাতে ইএচজি পলিচীসমূহো বিনিয়োগ গাঁথনিৰ অংশ হিচাপে বাহাল আছে।

এক্সিছ মেক্স লাইফৰ মুখ্য বিনিয়োগ বিষয়া শচীন বাজাজে কয় যে ২ লাখ কোটি টকাৰ এইউএম অতিক্ৰম কৰাটোৱে লাখ লাখ গ্ৰাহকে প্ৰকাশ কৰা আস্থাকে প্ৰতিফলিত কৰে। ইয়াৰ লগতে ই পলিচীহল্ডাৰসকলৰ বাবে অনুশাসিত বিনিয়োগ, দৃঢ় প্ৰশাসন আৰু দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষাৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ প্ৰমাণিত কৰে। কোম্পানীটোৱে ২০২৬ বিত্তীয় বৰ্ষৰ বাবে শক্তিশালী ব্যৱসায়িক প্ৰদৰ্শনৰ খতিয়ানো দাঙি ধৰিছে। এই অনুসৰি, ব্যক্তিগত প্ৰথম বৰ্ষৰ প্ৰিমিয়াম (এপিই) ১৯ শতাংশ বৃদ্ধি পাই ৯,৮৮৫ কোটি টকা হৈছে, যাৰ ফলত ব্যক্তিগত বজাৰত নিজৰ অংশীদাৰিত্ব ১০.৪ শতাংশলৈ বৃদ্ধি পাইছে। কোম্পানীটোৱে এই বিত্তীয় বৰ্ষত অভিলেখসংখ্যক ৯৯.৮ শতাংশ ব্যক্তিগত মৃত্যুৰ দাবী পৰিশোধৰ অনুপাত অৰ্জন কৰিবলৈ সক্ষম হৈছে, য’ত ১,৬৪১ কোটি টকা মূল্যৰ ২০,৫২৯টা দাবী নিষ্পত্তি কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত, এই মাইলৰ খুঁটিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ মাজত আস্থা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, য’ত দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষা আৰু বিনিয়োগ-সংলগ্ন বীমা সামগ্ৰীৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, এক্সিছ মেক্স লাইফৰ শক্তিশালী দাবী নিষ্পত্তিৰ অভিলেখ আৰু অনুশাসিত বিনিয়োগ কৌশলে অঞ্চলটোত নিৰ্ভৰযোগ্য জীৱন বীমা আৰু সম্পদ সৃষ্টিৰ সমাধান বিচৰা লোকসকলৰ মাজত ইয়াৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *