ভাৰতত নিষিদ্ধ হ’ল দেশৰ ছ’চিয়েল মিডিয়াত এক ব্যংগাত্মক অনলাইন অভিযানেৰে তোলপাৰ লগোৱা কোকৰোচ জনতা পাৰ্টীৰ এক্স একাউণ্ট। আইনী দাবীৰে ব্যগাংত্মক দলটোৰ এক্স একাউণ্ট বন্ধ কৰাৰ পাছতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কোকৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকি। ইনষ্টাগ্ৰামযোগে এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি চিজেপিৰ এক্স একাউণ্ট চৰকাৰে ইচ্ছাকৃতভাৱে নিষিদ্ধ কৰা বুলি অভিযোগ তোলে দীপকিয়ে। অভিজিত দীপকিয়ে কয়, “আমাৰ একাউণ্টটো কিয় নিষিদ্ধ কৰা হ’ল, সেই লৈ জনসাধাৰণে সৰৱ হোৱাটো মই বিচাৰোঁ। আমি ইয়াত একো ভুল লিখা নাছিলোঁ। আমি কেৱল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগহে দাবী কৰিছিলোঁ।” উল্লেখ্য যে, যুৱ প্ৰজন্মৰ দ্বাৰা পৰিচালিত এই ব্যংগাত্মক আন্দোলনটোৰ সূচনা হয় যোৱা ১৬ মে’ত। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ এক আদালতৰ মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই অভিযানে প্ৰথমে এক্স হেণ্ডেলত ব্যাপক সঁহাৰি লাভ কৰে। পৰৱৰ্তী সময়ত মুকলি কৰা হয় ইয়াৰ ইনষ্টাগ্ৰাম একাউণ্ট। আত্মপ্ৰকাশৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে ইনষ্টাগ্ৰামত ইয়াৰ অনুগামীৰ সংখ্যাই স্পৰ্শ কৰিছে প্ৰায় ১৩ নিযুত। বৰ্তমান দেশৰ এক অন্যতম ডাঙৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিচিতি লাভ কৰিছে এই অভিযানে। দেশৰ সৰ্ববৃহঠ ৰাজনৈতিক দল হিচাপে পৰিগণিত বিজেপিৰ জনপ্ৰিয়তাকো ইনষ্টাগ্ৰামত চেৰ পেলাই নতুন অভিলেখ সৃষ্টি কৰিছে কোকৰোচ জনতা পাৰ্টিয়ে। প্ৰণিধানযোগ্য যে, ১৬ মে’ত দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তই আদালতৰ এক শুনানিৰ সময়ত দেশৰ নিবনুৱা সকলক কোকৰোচ অৰ্থাৎ পইতাচৰাৰ সৈতে তুলনা কৰিছিল। ইয়াৰ প্ৰতিবাদস্বৰূপেই আৰম্ভ হোৱা কোকৰোচ জনতা পাৰ্টিয়ে বৰ্তমান সময়ত দেশৰ নিবনুৱা আৰু যুৱ প্ৰজন্মৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। Share this:FacebookX Related Post navigation নিৰ্বাচনত পৰাজয়ৰ কাৰণ সন্দৰ্ভত অজাপৰ পৰ্যালোচনা; ভুলবোৰ শুধৰাই সংগঠন শক্তিশালী কৰাৰ সংকল্প লূৰীণজ্যোতি গগৈৰ বিধানসভাৰ অধ্যক্ষৰূপে নিৰ্বাচিত ৰণজিৎ দাস; শপত ল’লে আটাইকেইগৰাকী নৱ-নিৰ্বাচিত বিধায়কে