দেশৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি কোকা-কোলা ইণ্ডিয়াই নিজৰ ফাউণ্ডেচনৰ জৰিয়তে অঞ্জু ববি স্প’ৰ্টছ ফাউণ্ডেচনৰ সৈতে ৩ বছৰীয়া অংশীদাৰিত্ব গঢ়ি তুলি প্ৰতিভাৱান খেলুৱৈসকলক অত্যাৱশ্যকীয় সুবিধা আৰু প্ৰশিক্ষণ সঁজুলিৰে সহায় কৰি আহিছে। অলিম্পিয়ান অঞ্জু ববি জৰ্জৰ নেতৃত্বত গঠিত এই ফাউণ্ডেচনে কোকাকোলা ইণ্ডিয়াৰ #ছিদ্যডিফাৰেঞ্চ অভিযানৰ সৈতে সংগতি ৰাখি শৈলী সিঙকে ধৰি নতুন প্ৰজন্মৰ মহিলা খেলুৱৈক সহায়-সমৰ্থন জনাই আহিছে। প্ৰতিযোগিতামূলক ক্ৰীড়াক্ষেত্ৰত মহিলাসকলক উদযাপন, উত্থান আৰু সমৰ্থনৰ লগতে মহিলা খেলুৱৈসকলক ক্ৰীড়া আৰু লিংগ সমতাৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সবলীকৰণ কৰি তোলাই হৈছে এই পদক্ষেপৰ লক্ষ্য। কোকা-কোলা ইণ্ডিয়াৰ ফাউণ্ডেচনে শ্বিপিং কণ্টেইনাৰক ফিজিঅ’থেৰাপি কক্ষ, ষ্ট’ৰেজ ফেচিলিটী, পেণ্ট্ৰি আৰু জিৰণি ৰুমসমূহ ৰূপান্তৰিত কৰি অলিম্পিকত ভাৰতীয় মহিলা খেলুৱৈৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰয়াস কৰিছে। কোম্পানীটোৱে শীৰ্ষ স্তৰৰ জিমৰ সঁজুলি আৰু বৰষুণৰ পানী সংগ্ৰহ টেংকসহিতে অনুশীলন ক্ষেত্ৰও প্ৰদান কৰিছে। কোকা-কোলাই ৩ বছৰৰ বাবে একাডেমীৰ লিজ ৰেণ্ট(পট্টা ভাড়া)ৰ ক্ষেত্ৰতো সহায় কৰিছিল, যাৰ ফলত এক সুস্থিৰ আৰু কাৰ্যকৰী ভেটি নিশ্চিত হৈ পৰিছে। পি ডব্লিউ চিৰ এক প্ৰতিবেদনত টকিঅ’ অলিম্পিকত লিংগ সমতা প্ৰাপ্ত কৰাৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত জোৰ দিয়া হৈছিল, য’ত ভাৰতীয় অংশগ্ৰহণকাৰীৰ সংখ্যা হৈছিলগৈ ৪৪% মহিলা। নিজৰ বলিষ্ঠ পদক্ষেপৰ বিষয়ে অঞ্জু ববি স্প’ৰ্টছ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অঞ্জু ববি জৰ্জে কয় যে, ‘কোকাকোলা ইণ্ডিয়াৰ দৰে ব্ৰেণ্ডৰ সৈতে জড়িত হ’বলৈ পাই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ।” Share this:FacebookX Related Post navigation হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ ভয়ংকৰ নাও দুৰ্ঘটনা