পৰিৱেশ ৰক্ষাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰ এপ্ৰিলত পালন কৰা হয় বিশ্ব ধৰিত্ৰী দিৱস। পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ে ২২ এপ্ৰিলত জয়পুৰ বনগাঁৱত পালন কৰে বিশ্ব ধৰিত্ৰী দিৱস। বনপালক দুলু মহন্তই আঁত ধৰা অনুষ্ঠানটোত পূব কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী অশোক দেৱ চৌধুৰী বিশেষ অতিথি ৰূপে উপস্থিত থাকি কয়– অইন বছৰত আমি অমৃত বৃক্ষ আন্দোলন ৰূপায়ন কৰি আহিছিলো। এইবাৰ ৰাজ্যৰ নিৰ্বাচনৰ বাবে অমৃত বৃক্ষ বন্ধ কৰিবলগীয়া হৈছে। আমাৰ বিভাগৰ কেইবাখনো গছপুলিৰ নাৰ্চাৰী আছে আৰু সেইবোৰত যথেষ্ট সংখ্যক গছপুলিও আছে। বহাগৰ আগে আগে সেই গছপুলি সমূহ ৰুই শেষ কৰিব লাগিব। আমি নেমু ৰোপনৰ ওপৰত অধিক গুৰুত্ব দিছো। বিশেষকৈ জয়পুৰৰ দৰে বনৰীয়া হাতী উপদ্ৰুত অঞ্চলবোৰত। নেমুই হাতী অহা–যোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে। তদুপৰি নেমু ৰোপন কৰিলে পৰিয়াল এটাই অৰ্থনৈতিকভাৱেও লাভৱান হ’ব পাৰে। বিষয়াগৰাকীয়ে কয়– মেঘালয়ৰ ফালে হাতীবোৰ নোযোৱা হৈছে, বিভিন্ন কাৰণত। গতিকে আমাৰ ৰাণীৰ বিভিন্ন অঞ্চলত হাতী–মানুহৰ সংঘাত বাঢ়িবলৈ লৈছে। আমি বিভাগীয়ভাৱে ক্ষতি পুৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ঝাটকা ফেন্সিং আদিৰ বাবেও চৰকাৰৰ ওপৰত প্ৰস্তাৱ প্ৰেৰণ কৰিছো। অনুষ্ঠানত ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জি বৰ্মন আৰু জয়পুৰ গাঁৱৰ দুৰ্গেশ্বৰ ৰাভাই চমু বক্তব্য দাঙি ধৰে। অনুষ্ঠানৰ শেষত নেমু, ডালচেনি আদি বিভিন্ন গছৰ পুলি বিনামূলীকৈ বিতৰণ কৰে। অনুষ্ঠানত অসম প্ৰটেকচন ফ’ৰ্চৰ ৰেঞ্জাৰ ভগৱান কলিতা, খণ্ড বন বিষয়া সমীৰ আলী, নিৰঞ্জন ৰাভা, সঞ্জীৱ গোস্বামী আদি কৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়, নালাপাৰা, শুকুৰবৰীয়া, গাৰোপাৰা খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া, বনকৰ্মীসকল উপস্থিত থাকে। Share this:FacebookX Related Post navigation কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ