SIT ব্যৰ্থ হ’লে CBI লৈ হস্তান্তৰ কৰা হ’ব তদন্তৰ দায়িত্ব । একাংশই জুবিন গাৰ্গক ব্যক্তিগত ‘ফাইদা’ৰ বাবে ব্যৱহাৰ কৰিছিল ৷ ক’লে মুখ্যমন্ত্ৰীয়ে ৷জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “এছ আই টি ব্যৰ্থ হ’লে চি বি আইলৈ হস্তান্তৰ কৰা হ’ব ৷ আমি সকলো জুবিনৰ অনুৰাগী । আমি কিছুদিন এছ আই টিক সহযোগ কৰা উচিত । তৎক্ষণাত ন্যায় লাগিব বুলিলে আদালতত আমি বিফল হ’ম । অহা ১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব ৷ য়াটখনত থকা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব ।” গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।আনহাতে, জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত ওলোৱা বিভিন্ন উৰাবাতৰিত ভোল নাযাবলৈ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য, “যিসকলে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকক মোৰ অনুৰোধ— এই গোটেই ঘটনাবোৰৰ মাজত উৰাবাতৰি আৰু আন বিভিন্ন কথাৰে নিজেও বিভ্ৰান্ত হ’ব নালাগে, আনকো কৰিব নালাগে । অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক । এছ আই টি যদি ক’ৰবাত ব্যৰ্থ হয়, তেন্তে আমি চি বি আইলৈ হ’লেও পঠিয়াম । আমাৰ দষ্টিভংগী স্পষ্ট— সিদিনা কি ঘটিছিল আমি তাক বিচাৰি উলিযাম । আমি আপোচ নকৰো । আমি সকলোৱে অত্যন্ত ধৈৰ্যৰে সৈতে কিছুদিন অপেক্ষা কৰিব লাগে ৷” Share this:FacebookX Related Post navigation বিৰলা ফাৰ্টলিটী এণ্ড আইভিএফ গুৱাহাটীয়ে ব্যৱহাৰ কৰিছে উন্নত মাইক্ৰ’ টিইএছই প্ৰযুক্তি, গুৰুতৰ অণ্ডকোষ বিকল সমস্যাৰ ক্ষেত্ৰত লাভ কৰিছে বিৰল সফলতা প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত