কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তিৰ অপব্যৱহাৰেৰে এগৰাকী মহিলাক ব্লেকমেইল কৰি ধন দাবী কৰা এক ভয়ংকৰ চাইবাৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ভুৱা ফেচবুক একাউণ্ট খুলি মহিলাগৰাকীক প্ৰতাৰণা কৰা আৰু ভাবুকি দি ধন আদায় কৰাৰ অভিযোগত ধুবুৰী সদৰ আৰক্ষীয়ে আটক কৰে তিনিজন চাইবাৰ অপৰাধীক। ধৃত ব্যক্তিসকলক ধুবুৰী চহৰৰ চৰ মেইন ৰোড অঞ্চলৰ ৰনি কুণ্ডু, অৰুণ চৌধুৰী আৰু সন্তোষ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, চক্ৰটোৰ মূল অভিযুক্ত ৰনি কুণ্ডুৱে ‘বিশাল ৰায়’ নামৰ এক ভুৱা ফেচবুক প্ৰফাইল প্ৰস্তুত কৰিছিল। ধুবুৰীৰ ডি ডি ৰোডৰ বাসিন্দা আৰু ব্যক্তিগত, পাৰিবাৰিক তথা আৰ্থিক সমস্যাত ভাৰাক্ৰান্ত হৈ থকা ভুক্তভোগী মহিলাগৰাকীৰ যোগাযোগ নম্বৰ সংগ্ৰহ কৰি এজন পেচাদাৰী জ্যোতিষী হিচাপে চিনাকি দিয়ে কুণ্ডুৱে। সকলো সমস্যা সমাধানৰ প্ৰলোভনেৰে মহিলাগৰাকীৰ বিশ্বাস অৰ্জন কৰাৰ পাছতেই আৰম্ভ হয় ষড়যন্ত্ৰ।

বিশ্বাসযোগ্যতা স্থাপনৰ সুযোগ লৈ ৰনি কুণ্ডুৱে নিজৰ সহযোগী অৰুণ চৌধুৰী আৰু সন্তোষ চৌধুৰীৰ সৈতে মিলি এআই প্ৰযুক্তিৰ সহায়ত মহিলাগৰাকীৰ আপত্তিজনক ছবি প্ৰস্তুত কৰে। সেই এআই নিৰ্মিত ভুৱা ছবিসমূহ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি দি মহিলাগৰাকীৰ পৰা ধন দাবী কৰিবলৈ লয় চক্ৰটোৱে। লোকলজ্জা আৰু ভাবুকিৰ ভয়ত ভুক্তভোগী মহিলাগৰাকীয়ে ইউ পি আই যোগে প্ৰায় ২ লাখ টকা চক্ৰটোৰ হাতত অৰ্পণ কৰে।

অৱশেষত নিৰ্যাতন সহিব নোৱাৰি ভুক্তভোগীয়ে দাখিল কৰা আনুষ্ঠানিক এজাহাৰৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত ৩৪৬/২৬ নম্বৰত এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে অভিযান চলাই আটাইকেইজন অভিযুক্তক জালত পেলায় আৰক্ষীয়ে। সম্প্ৰতি এআই প্ৰযুক্তিৰ অপব্যৱহাৰেৰে সংঘটিত এনে বিপজ্জনক চাইবাৰ অপৰাধে ধুবুৰী চহৰকে ধৰি সমগ্ৰ অঞ্চলটোতে গভীৰ উদ্বেগ আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *