অসমৰ ৰাজনীতিৰ অন্যতম চৰ্চিত কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টি উদ্ধাৰৰ বাবে গেৰুৱা দলে এতিয়াৰে পৰা আৰম্ভ কৰিছে বিশেষ ৰণকৌশল। আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈক পৰাস্ত কৰি এই সন্মানীয় আসনখন নিজৰ দখললৈ আনিবলৈ বিজেপিৰ সাংগঠনিক যন্ত্ৰই দিনে-নিশাই কাম কৰি আছে। যোৱা ২০২১ চনৰ নিৰ্বাচনত কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি অখিল গগৈয়ে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুমাৰীক ১১,৮৭৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছিল। বৰ্তমান সমষ্টিটোত বিজেপিয়ে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তাক লৈ চৰ্চা তুংগত উঠিছে। দলীয় টিকটৰ বাবে এক ডজনৰো অধিক নেতাই আশা প্ৰকাশ কৰিছে যদিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই থাওৰাৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন আলফা নেতা কুশল দুৱৰীক সেউজ সংকেত দিয়া বুলি চৰ্চা চলিছে। নগৰ নলা-নৰ্দমা বৰ্ডৰ অধ্যক্ষ হিচাপে কুশল দুৱৰীয়ে ইতিমধ্যে সমষ্টিটোত চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰি নিজৰ স্থিতি মজবুত কৰিবলৈ চেষ্টা চলাইছে। উল্লেখযোগ্য যে, কুশল দুৱৰীৰ নাম চৰ্চালৈ অহাৰ লগে লগে বিজেপিৰ অভ্যন্তৰতে তীব্ৰ বিৰোধৰো সৃষ্টি হৈছে। আনহাতে সমষ্টিটোৰ একাংশ ভোটাৰে বিজেপিয়ে এজন উপযুক্ত প্ৰাৰ্থী দিলে আসনখন উদ্ধাৰৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এতিয়া শিৱসাগৰত ভোটাৰৰ সংখ্যা ২,০৭,৬০৫ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীক লক্ষ্য কৰি তীক্ষ্ণ আক্ৰমণ আৰম্ভ কৰিছে। বিজেপিয়ে ইতিমধ্যে সমষ্টিটোত প্ৰায় ৬৩,০০০ নতুন সদস্য অন্তৰ্ভুক্ত কৰি আৰু বিভিন্ন হিতাধিকাৰী আঁচনিৰ জৰিয়তে নিজৰ ভোট বেংক শক্তিশালী কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation ভাৰত-ইউৰোপ বাণিজ্য চুক্তিঃ ১৯ বছৰীয়া অপেক্ষাৰ অন্তত স্বাক্ষৰিত হ’ল ‘মাদাৰ অব অল এট্ৰিমেন্টছ’ শত্ৰুতাৰ অন্তৰ ১০ বছৰৰ বিৰতিৰ পিছত যাত্ৰা আৰম্ভ, বিমান সেৱা পুনৰুদ্ধাৰ