আৰু মাত্ৰ কেইটামান ঘণ্টা। ইয়াৰ পাছতে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। ৪ মে’ত ঘোষণা হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে এগজিট পল। এই এগজিট পলত অধিকাংশ সংস্থাই অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি দাবী কৰিছে। এগজিট পলৰ এনে পুৰ্বানুমানৰ মাজতে দলৰ ঐতিহাসিক বিজয়ক লৈ আশাবাদী হৈ পৰিছে বিজেপিৰ নেতা-কৰ্মীও। বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দীলিপ শইকীয়াই কয় যে অসমত এনডিএ চৰকাৰ গঠন হোৱাত কোনো সন্দেহ নাই। এগজিট প’লসমূহৰ সত্যতাৰ ওপৰত বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হ’লেও অসমত মিত্ৰজোঁটে এক নিৰ্ণায়ক জনদেশ লাভ কৰিব বুলি তেওঁ দাবী কৰে। এই সন্দৰ্ভত শইকীয়াই কয় যে নিৰ্বাচনোত্তৰ সমীক্ষাসমূহে সদায় ফলাফলৰ সঠিক ছবিখন দাঙি ধৰিব নোৱাৰে যদিও বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহ এক বিশাল বিজয়ৰ বাবে সম্পূৰ্ণ আশাবাদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত চলা উন্নয়নৰ ধাৰাই বিজেপিৰ এই আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। আন্তঃগাঁথনিৰ বিকাশ আৰু আঞ্চলিক পৰিচয়ৰ সুৰক্ষাই জনসাধাৰণক চৰকাৰখনৰ প্ৰতি আকৰ্ষিত কৰিছে। এই প্ৰসংগত দীলিপ শইকীয়াই কয়, “অসমৰ ৰাইজে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্যক ধাৰাবাহিকভাৱে সমৰ্থন কৰি আহিছে। ভোটগণনাৰ পাছত এই সমৰ্থনে এক শক্তিশালী আৰু সুস্থিৰ জনদেশলৈ ৰূপান্তৰিত হ’ব বুলি আমি বিশ্বাস কৰোঁ।” অসমত এন ডি এ মিত্ৰজোঁটে তৃতীয়টো কাৰ্যকালৰ বাবে এক “ঐতিহাসিক জনদেশ” লাভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, অসমৰ লগতে পশ্চিম বংগৰ নিৰ্বাচনী পৰিৱেশক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত চলি থকা চৰকাৰখনক লক্ষ্য কৰি তেওঁ কয় যে বংগৰ ভোটাৰসকল বৰ্তমানৰ দুৰ্নীতি আৰু ছিণ্ডিকেট সংস্কৃতিৰ ওপৰত সম্পূৰ্ণ বিতুষ্ট হৈ পৰিছে। পশ্চিম বংগত নিৰ্বাচনৰ সময়ত ভোটাৰক ভয়-ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিলেও ৰাইজৰ সঁহাৰি আছিল উৎসাহজনক। নিৰ্বাচনৰ সময়ত হোৱা এই বিপুল অংশগ্ৰহণক গণতন্ত্ৰৰ জয় হিচাপে অভিহিত কৰি শইকীয়াই উল্লেখ কৰে যে ভোটাৰসকলে কোনো ভয়-ভীতিৰ ওচৰত হাৰ নামানি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। Share this:FacebookX Related Post navigation বাংলাদেশে স্পৰ্শ কৰিলে পাৰমাণৱিক যুগ; ৰূপপুৰত ইন্ধন ভৰোৱাৰ ঐতিহাসিক পদক্ষেপ