বাংলাদেশৰ শক্তি খণ্ডত এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি বুধবাৰৰ পৰা আৰম্ভ হ’ল ৰূপপুৰ পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটত ইউৰেনিয়াম ইন্ধন ভৰোৱাৰ প্ৰক্ৰিয়া। পাৰমাণৱিক শক্তিৰ সহায়ত বিদ্যুৎ উৎপাদনৰ দিশত আগবঢ়া এই পদক্ষেপে দেশখনক বিশ্বৰ ৩৩ সংখ্যক পাৰমাণৱিক বিদ্যুৎ উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব। পৰীক্ষামূলক বিদ্যুৎ উৎপাদনৰ পূৰ্বে ইন্ধন ভৰোৱাৰ এই প্ৰক্ৰিয়াটোক এক চূড়ান্ত পৰ্যায় হিচাপে গণ্য কৰা হৈছে।

ৰিয়েক্টৰটোত অহা কেইটামান সপ্তাহত নিয়ন্ত্ৰিত ফিশ্বন আৰু কেইবাটাও সুৰক্ষা পৰীক্ষা চলোৱা হ’ব। ইয়াৰ পাছতে পৰ্যায়ক্ৰমে বিদ্যুৎ উৎপাদনৰ পৰিমাণ বৃদ্ধি পাব। আগন্তুক আগষ্ট মাহৰ ভিতৰত পৰীক্ষামূলকভাৱে ৰাষ্ট্ৰীয় গ্ৰিডলৈ প্ৰায় ৩০০ মেগাৱাট বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অৱশ্যে সম্পূৰ্ণ বাণিজ্যিক উৎপাদন আৰম্ভ হ’বলৈ প্ৰায় ১০ মাহ সময়ৰ প্ৰয়োজন হ’ব পাৰে।

ৰাছিয়াৰ কাৰিকৰী আৰু আৰ্থিক সহযোগত বাংলাদেশ আণৱিক শক্তি আয়োগে ৰূপপুৰ প্ৰকল্পটো ৰূপায়ণ কৰিছে। বাংলাদেশৰ এই বৃহত্তম আন্তঃগাঁথনি প্ৰকল্পটোত দুটা গোট আছে আৰু প্ৰতিটো গোটৰ ক্ষমতা ১২০০ মেগাৱাটকৈ নিৰ্ধাৰণ কৰা হৈছে। সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পাছত মুঠ ২৪০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা এই প্ৰকল্পটোৱে দেশৰ ১০-১২ শতাংশ বিদ্যুতৰ চাহিদা পূৰণ কৰিব।

প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে ঢাকাৰ এক অনুষ্ঠানত ৰোছাটমৰ মুৰব্বী এলেক্সি লিখাচেভৰ সৈতে প্ৰকল্পটোৰ অগ্ৰগতি আৰু শক্তি নিৰাপত্তা সন্দৰ্ভত এক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো ৰূপায়ণত ৰাছিয়াৰ সহায়ৰ শলাগ লয়। আনহাতে ৰোছাটম কৰ্তৃপক্ষই বাংলাদেশৰ এই যাত্ৰাত ধাৰাবাহিক সহযোগিতা আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা ৰূপপুৰ প্ৰকল্পটোৱে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব। ইয়াৰ উপৰি এই বৃহৎ উদ্যোগে বাংলাদেশৰ দীৰ্ঘম্যাদী শক্তি নিৰাপত্তাক অধিক শক্তিশালী কৰি তুলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *