মেদান্তা –দ্য মেডিচিটীয়ে উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ গুৱাহাটী মহানগৰীত শিশুসকল যকৃতৰ ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে, এই ধাৰাটোক অস্বাস্থ্যকৰ জীৱনশৈলী, জাংক ফুড সেৱন, শিশুৰ শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ আদি কাৰকে প্ৰভাৱিত কৰিছে।
মেদান্তা গুৰুগ্ৰামৰ শিশু গেষ্ট্ৰ’এণ্টেৰ’লজী আৰু হেপাট’লজী বিভাগৰ জ্যেষ্ঠ সঞ্চালক তথা ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ নীলম মোহনে কয় যে, বিগত দশকত সাধাৰণতে ফেটি লিভাৰ ৰোগ বুলি জনাজাত মেটাবলিক এছ’চিয়েটেড ষ্টেট’টিক লিভাৰ ৰোগ(এমএএছএলডি)ৰ পৰিমাণ তীব্ৰভাৱে বৃদ্ধি পাইছে। শিশুৰ মেদবহুলতা এটা ডাঙৰ বিপদজনক কাৰক হৈ পৰিছে বুলি উল্লেখ কৰি লগতে কয় যে মেদবহুল শিশুৰ ৩৫-৪৫ শতাংশই এমএএছএলডি হোৱাৰ আশংকা থাকে।
ডাঃ মোহনৰ মতে শিশুৰ যকৃতৰ অৱস্থা যেনে ফেটি লিভাৰ, পিত্ত(বিলিয়েৰী)ৰ এট্ৰেছিয়া, পেংক্ৰিয়াটাইটিছ আদিক প্ৰায়ে সাধাৰণ পাচনকেন্দ্ৰিক সমস্যা বুলি ভুলকৈ গণ্য কৰা হয়, যাৰ ফলত চিকিৎসাত বিলম্ব হয়। ডাঃ মোহনে সকীয়াই দিয়ে যে এই ৰোগবোৰৰ বহুবোৰ নীৰৱে আগুৱাই বিপদ বৃদ্ধি কৰে আৰু আগতীয়াকৈ ধৰা নপৰিলে অৱশেষত চিৰ’ছিছ বা শেষ পৰ্যায়ৰ যকৃতৰ ৰোগ হ’ব পাৰে।
প্ৰতিৰোধৰ ওপৰত আলোকপাত কৰি ডাঃ মোহনে কয় যে শিশুৰ অভ্যাস গঢ় দিয়াত অভিভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উন্নত ৱাইফাই ডিভাইচ সংযোগৰ বাবে যিদৰে ৰাউটাৰৰ ওপৰত নিৰ্ভৰশীল, ঠিক একেদৰে শিশুৰ সুস্বাস্থ্যৰ বাবে সুস্থ ঘৰুৱা পৰিৱেশ, সুষম খাদ্য, চেনি খোৱা হ্ৰাস, নিয়মীয়া টোপনি আৰু দৈনিক কমেও ৪৫-৬০ মিনিট শাৰীৰিক কাৰ্য-কলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
গুৱাহাটী মহানগৰীত বৰ্ধিত নগৰীকৰণ আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ ফলত শিশুৰ মাজত প্ৰছেচড আৰু ফাষ্ট ফুড সেৱন বৃদ্ধি পাইছে। জীৱনশৈলীকেন্দ্ৰিক ৰোগসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ফলত গুৱাহাটীৰ স্বাস্থ্যসেৱা খণ্ডত প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা পৰামৰ্শ, শিশুৰ পৰীক্ষা আৰু পুষ্টি-কেন্দ্ৰিক সেৱাৰ প্ৰয়োজনীয়তা বাঢ়িছে।

Leave a Reply

Your email address will not be published. Required fields are marked *