বিজেপিয়ে নিজৰ কামৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনত জিকিব নোৱাৰে। সেয়ে তেওঁলোকে চুৰি কৰি নিজক বচাব বিচাৰিছে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। ৪ মে’ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন স্থানত থকা ষ্ট্ৰং ৰূমৰ নিৰাপত্তাক লৈ শনিবাৰে তেওঁ ভাৰতীয় জনতা পাৰ্টি আৰু নিৰ্বাচন আয়োগক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰে।

ষ্ট্ৰং ৰূমৰ ভিতৰত বিজেপি কৰ্মীৰ উপস্থিতিৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, “অসমৰ বিভিন্ন স্থানত বিজেপি কৰ্মীসকলক ষ্ট্ৰং ৰূমৰ ভিতৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। আনকি ভোটগ্ৰহণ চলি থকাৰ সময়তো তেওঁলোকৰ উপস্থিতি লক্ষ্য কৰা গৈছিল।” নিৰ্বাচন আয়োগৰ নীৰৱ ভূমিকাই গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে প্ৰশাসনৰ অপব্যৱহাৰৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয়, “ৰাজ্যত ড্ৰাগছৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে; কিন্তু আৰক্ষীক জনসাধাৰণৰ নিৰাপত্তাৰ পৰিৱৰ্তে বিৰোধী ৰাজনৈতিক নেতাক দমন কৰিবলৈহে ব্যৱহাৰ কৰিছে চৰকাৰে।” এগজিট পলৰ পূৰ্বানুমানক এক ‘টি আৰ পি’ কেন্দ্ৰিক কুচকাৱাজ বুলি অভিহিত কৰি ভয়ৰ পৰিৱেশৰ বাবেই বহু ভোটাৰে নিজৰ মতামত প্ৰকাশ কৰা নাই বুলিও তেওঁ মন্তব্য কৰে।

ইফালে, পৱন খেৰাৰ জামিনৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰে। তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ সৈতে জড়িত মন্তব্যক লৈ শীৰ্ষ আদালতত যিধৰণে আলোচনা চলিছে, সেয়া ৰাজ্যখনৰ ভাবমূৰ্তিৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক।” বিজেপিৰ মিত্ৰজোঁটৰ মাজত ইতিমধ্যে ৰাজনৈতিক বিভাজন আৰম্ভ হৈছে আৰু বহু লোক কংগ্ৰেছৰ ফালে ঢাল খাইছে বুলিও তেওঁ দাবী কৰে। চৰকাৰৰ এই অগণতান্ত্ৰিক কাৰ্যকলাপৰ বিৰুদ্ধে বিৰোধী দলসমূহে ধাৰাবাহিকভাৱে মাত মাতি যাব বুলিও তেওঁ হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *