বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে চান্দা উঠাই এই সংগঠনটোৱে। সন্দেহজনক লোকে অসম উপাধি লিখি বিভিন্ন ধৰণৰ কাম-কাজ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ আৰু কঠোৰ হ’ব। লাচিত সেনাৰ সকলো গোচৰ তদন্ত কৰিব অসম চৰকাৰে। সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। Share this:FacebookX Related Post navigation এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড মই আগতেই গম পালে জুবিনক ছিংগাপুৰ যাবলৈ নিদিলোহেঁতেন