অহা 8 ছেপ্টেম্বৰত অসমবাসীয়ে পালন কৰিব সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শততম জন্মদিন ৷ ইতিমধ্যে বিগত বৰ্ষৰ পৰাই অসম চৰকাৰৰ উদ্যোগত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন হৈ আহিছে ৷ সুধাকণ্ঠৰ গৰিমা কেৱল অসমতেই সীমাবদ্ধ নাছিল ৷ ভাৰতৰ ভিন্ন প্ৰান্ত আনকি বহিঃৰাষ্ট্ৰতো আছিল তেওঁৰ সমাদৰ ৷কলকাতাত এখন ঘৰো আছিল সুধাকণ্ঠৰ ৷ তেওঁ কেবাবছৰো সেই ঘৰত বসবাস কৰিছিল ৷ সেইসময়ত বংগৰ প্ৰখ্যাত সংগীত শিল্পীৰ বাবে সেই ঘৰখন আছিল এক অন্যতম আড্ডাস্থলী ৷ কিন্তু সুধাকণ্ঠৰ অবৰ্তমানত সেই ঘৰখন পৰিত্যক্তপ্ৰায় হৈ পৰে ৷
অসম চৰকাৰৰ এটা দলে দেওবাৰে কলকাতাত কিংবদন্তি শিল্পী ভূপেন হাজৰিকাই কেইবাবছৰ ধৰি বাস কৰা অট্টালিকাটো পৰিদৰ্শন কৰে ৷ তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ সম্পত্তিৰ এটা অংশ সংৰক্ষণৰ বাবে পশ্চিম বংগ প্ৰশাসনৰ সমন্বয়ত পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভতো চিন্তা-চৰ্চা কৰা বুলি বিষয়াসকলে জনায় ।ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ পূৰ্বেই এই অট্টালিকা পৰিদৰ্শন কৰে অসম চৰকাৰৰ দলটোৱে ।

Leave a Reply

Your email address will not be published. Required fields are marked *