দেশৰ আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মেটাৰ সৈতে অংশীদাৰিত্বৰে লাখ লাখ ভাৰতীয় গ্ৰাহকৰ মাজত সহজ যোগাযোগ আৰু সেৱা এপ হোৱাটছএপৰ জৰিয়তে প্ৰিমিয়াম পেমেণ্ট বিকল্প আগবঢ়াইছে। বাজাজ এলিয়াঞ্জ লাইফে হোৱাটছএপৰ জৰিয়তে প্ৰিমিয়াম পেমেণ্ট সেৱা বৃদ্ধি কৰিছে, যাৰ ফলত গ্ৰাহকে নিজৰ পলিচী আৰু পেমেণ্ট একে ঠাইতে বাধাহীনভাৱে পৰিচালনা কৰিব পাৰিব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড অথবা ইউপিআইৰ জৰিয়তে পোনপটীয়াকৈ হোৱাটছএপ ইণ্টাৰফেছৰ ভিতৰত প্ৰিমিয়াম দিব পাৰিব।

বাজাজ এলিয়াঞ্জ লাইফে হোৱাটছএপ পে নামৰ এক নতুন পেমেণ্ট পদ্ধতি প্ৰৱৰ্তন কৰিছে, যাৰ উদ্দেশ্য হৈছে পেমেণ্ট প্ৰক্ৰিয়াটো সুশৃংখল কৰাৰ লগতে গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰা। এই নতুন সুবিধাই বিভিন্ন এপসমূগ সলনি কৰাৰ প্ৰয়োজনীয়তা নোহোৱা কৰি হোৱাটছএপৰ ভিতৰত পোনপটীয়াকৈ প্ৰিমিয়াম পৰিশোধ কৰাৰ সুযোগ প্ৰদান কৰিছে। হোৱাটছএপ পেই লেনদেনৰ বিৱৰণ সুৰক্ষিত কৰিবলৈ এণ্ড-টু-এণ্ড এনক্ৰিপশ্বন ব্যৱহাৰ কৰে, গতিকে কেৱল প্ৰেৰক আৰু প্ৰাপ্তকৰ্তাই সেই বিষয়ে অৱগত হয়, গতিকে গোপনীয়তা সুনিশ্চিত হৈ থাকে। এই পদ্ধতিৰ জৰিয়তে বাজাজ এলিয়াঞ্জ লাইফক বীমা উদ্যোগৰ ভিতৰত গ্ৰাহক-কেন্দ্ৰিক উদ্ভাৱনৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে স্থান দিছে।

এই বিষয়ে বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সৰ মুখ্য সঞ্চালন আৰু গ্ৰাহক অভিজ্ঞতা বিষয়া ৰাজেশ কৃষ্ণনে কয় যে, “বাজাজ এলিয়াঞ্জ লাইফত আমি আমাৰ গ্ৰাহকসকলৰ সদায় বিকশিত আৰু ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে গ্ৰাহককেন্দ্ৰিক সমাধান অনাৰ বাবে নিৰন্তৰ উদ্ভাৱন কৰি আহিছোঁ আৰু গ্ৰাহকসকলৰ জীৱনৰ লক্ষ্য সঠিক পথত ৰখাত সহায় কৰি আহিছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *