নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। অহা ২২ মে’ত মূল্যবৃদ্ধি ৰোধৰ দাবীত ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব। পৰিস্থিতিৰ শুধৰণি নহ’লে সংগঠনটোৱে ধাৰাবাহিকভাৱে ৰাজপথলৈ ওলাই আহিব বুলি চৰকাৰক স্পষ্ট সকীয়নি প্ৰদান কৰে আছুৰ সভাপতি উৎপল শৰ্মাই। সামাজিক মাধ্যমত প্ৰেৰণ কৰা এক বাৰ্তাত আছুৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমান বজাৰত নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যই সাধাৰণ ৰাইজক দহিছে। বজাৰ মূল্য নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে ক্ৰমাগত বিত্তীয় হেঁচাৰ বাবে এতিয়া সৰ্বসাধাৰণ লোকৰ জীয়াই থকাটোৱেই কঠিন হৈ পৰিছে। এই সংকটপূৰ্ণ পৰিস্থিতিত জনসাধাৰণক সকাহ দিবলৈ চৰকাৰক শীঘ্ৰে পদক্ষেপ ল’বলৈ তেওঁ দাবী জনায়। উল্লেখ্য যে, বৰ্তমান সময়ত সমগ্ৰ অসমৰ বজাৰত চাউল, দাইল, খোৱা তেল, চেনিৰ লগতে শাক-পাচলি আৰু ফল-মূলৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ উপৰি পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ইন্ধনৰ মূল্যও আকাশলংঘী হৈ পৰিছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে সামগ্ৰী পৰিবহণ আৰু নিত্য-প্ৰয়োজনীয় বস্তুৰ ওপৰত। এনে দুৰ্বিষহ অৱস্থাৰ পৰা ৰাইজক মুক্তি দিয়াৰ বাবেই ২২ মে’ৰ এই প্ৰতিবাদ অনিবাৰ্য হৈ পৰিছে বুলি আছুৰ নেতৃত্বই প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation জুবিন ক্ষেত্ৰক লৈ কোনো ৰাজনীতি নকৰাৰ আহ্বান; সোণাপুৰত উপস্থিত হৈ প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাবাসী অসমীয়া সমাজৰ ; নামঘৰৰ অতিথিশালা নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান