বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) প্ৰকাশ কৰা অনুসৰি, অহা দুদিনত অৰুণাচল প্ৰদেশৰ কেইবাখনো ঠাইত বজ্ৰপাতৰ লগত ধুমুহা আৰু ধাৰাসাৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। এই বতৰৰ পূৰ্বাভাসৰ প্ৰেক্ষিতত ৰাজ্যৰ দুৰ্বল অঞ্চলসমূহত আকস্মিক বানপানী আৰু ভূমিস্খলনৰ বাবে সতৰ্ক হৈ থকিবলৈ ৰাইজক অনুৰোধ কৰা হৈছে। ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ৩০ আৰু ৩১ জুলাই, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে পূৱ চিয়াং, লোহিত, নামছাই আৰু লংডিং জিলাৰ কিছু ঠাইত ২৪ ঘণ্টাত ৬ চে.মি.ৰ পৰা ১১ চে.মি.লৈকে ধাৰাসাৰ বৰষুণ হ’ব পাৰে। লগতে ধুমুহা আৰু বজ্ৰপাত হ’ব। ইফালে পাপুম পাৰে জিলাত একে সময়ছোৱাত কিছু ঠাইত ২৪ ঘণ্টাত ১২ চে.মি.ৰ পৰা ২০ চে.মি.লৈকে অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুক্ৰবাৰ আৰু শনিবাৰেও এই জিলাত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব বুলি কোৱা হৈছে। যাৰ ফলত দুৰ্বল অঞ্চলত স্থানীয় বানপানী, পানী জমা আৰু স্বাভাৱিক জীৱন ব্যাহত হোৱাৰ আশংকা আছে। আনহাতে লোৱাৰ চুবানচিৰি, লোৱাৰ দিবাং ভেলী আৰু লোহিত জিলাত শুক্ৰবাৰ আৰু শনিবাৰে বজ্ৰপাতৰ লগত ধুমুহা আৰু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হ’ব পাৰে। বতৰ বিভাগে ৰাইজ, যাত্ৰী আৰু জিলা প্ৰশাসনক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ উপদেশ দিছে। কাৰণ এই বেয়া বতৰৰ বাবে আকস্মিক বানপানী, ভূমিস্খলন আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হ’ব পাৰে। Share this:FacebookX Related Post navigation নিউ হাৰাংগাজাওৰ ওচৰত ৰেলপথত ভূমি বহি যোৱাৰ ফলত লামডিং–বদৰপুৰ অংশত ৰেল সেৱা ব্যাহত; কেইবাখনো ৰেল বাতিল আৰু পুনৰ্নিৰ্ধাৰণ SIR ৰ অধীনত ন’ মেপিং আৰু লজিকেল ডিস্ক্ৰেপেন্সি শ্ৰেণীৰ শুনানি চিকিমৰ জিলাসমূহত অব্যাহত