গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত কোনে কিমান শৃংখলাবদ্ধভাবে নদীত দেৱী প্ৰতিমা বিসৰ্জন দিব পাৰে তাৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে পাণ্ডুঘাট বিসৰ্জন কমিটিয়ে। অৱশ্যে এইবেলি অসমৰ ৰাইজৰ হিয়াৰ আমঠু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ বাবে প্ৰথমবাৰৰ বাবে ছাউণ্ড চিষ্টেমৰ ব্যৱহাৰ বৰ্জন কৰি কেৱল আধ্যাত্মিকতা আৰু মাংগলিক কাৰ্যৰ মাজেৰেহে সমদল কৰি দেৱী প্ৰতিমা বিসৰ্জন দিয়া হয়। আনহাতে  ২ আৰু ৩ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত দেৱী প্ৰতিমা বিসৰ্জন প্ৰতিযোগিতাৰ ফলাফল সমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে।

পাণ্ডুঘাট বিসৰ্জন কমিটিৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে এক বিবৃতি যোগে জানিবলৈ দিয়া মতে পাণ্ডুৰ পুৰণি ষ্টেচন কলনী  দুৰ্গা পূজা উদযাপন সমিতিয়ে  প্ৰথম স্থান লাভ কৰি  ২০ হাজাৰ টকাসহ ( দাতা : পাণ্ডুঘাট বিসৰ্জন সমিতি , বঁটাৰ দাতা : শ্যামল ভট্টাচাৰ্য  ) কমল দে সোঁৱৰণী বঁটা , গড়চুক পূজা উদযাপন সমিতিয়ে দ্বিতীয়  স্থান লাভ কৰি ১৫ হাজাৰ টকাসহ ( দাতা : পাণ্ডুঘাট বিসৰ্জন সমিতি , বঁটাৰ দাতা: দ্বিজেন লহকৰ )  নিদ্ৰাপ্ৰভা লহকৰ সোঁৱৰণি বঁটা , পাণ্ডুৰ অৰুণা চিনেমা হলৰ ইষ্ট কামাখ্যা কলনী দুৰ্গা পূজা উদযাপন সমিতিয়ে তৃতীয় স্থান লাভ কৰি ১০ হাজাৰ টকাসহ (  দাতা : তন্ময় মোদক পিতৃ বিমল কৃষ্ণ মোদকৰ সোঁৱৰণত , বঁটাৰ দাতা: আশীষ চৰকাৰ) আশু ৰঞ্জন সোঁৱৰণী বঁটা, আজাদ হিন্দ ক্লাব পূজা উদযাপন  সমিতিয়ে চতুৰ্থ স্থান লাভ কৰি উষা ৰাণী কুন্দু ( দাতা : শঙ্কৰ কুন্দু )  সোঁৱৰণি বঁটা, ৰেষ্টকেম্প কালীবাৰী পূজা উদযাপন সমিতিয়ে পঞ্চম স্থান লাভ কৰি অচিত দেৱে পিতৃ আৰু মাতৃৰ সোঁৱৰণত  আগবঢ়োৱা বঁটা, বি বি চি চিলড্ৰেন পাৰ্ক  পূজা উদযাপন সমিতিয়ে ষষ্ঠ স্থান লাভ কৰি সুনীল কান্তি সোঁৱৰণী বঁটা ( দাতা: অৰিন্দম বৰুৱা) , পাণ্ডু ৩ নম্বৰ কলনী পূজা উদযাপন সমিতিয়ে  সপ্তম স্থান লাভ কৰি মীনা বালা দাস সোঁৱৰণী বঁটা ( দাতা: ধৰ্মেন্দ্ৰ দাস) , আনন্দ নগৰ পূজা উদযাপন সমিতিয়ে অষ্টম স্থান লাভ কৰি গৌৰী ধৰ সোঁৱৰণী বঁটা ( দাতা : ৰাজীৱ ধৰ ) , ৰিভাৰ চাইড স্পৰ্টিং ক্লাবে নৱম স্থান লাভ কৰি প্ৰফুল্ল ৰঞ্জন দাস সোঁৱৰণী বঁটা ( দাতা : ৰূপম দাস ,) লাভ কৰিছে।  আনহাতে নিচুকনি বঁটা লাভ কৰিছে পাৰামাউণ্ড গ্ৰেণ্ড পূজা উদযাপন সমিতিয়ে। এইবেলি শ্ৰেষ্ঠ মিডিয়া বঁটা লাভ কৰিছে টেলিভিছন চেনেল নিউজ লাইভে।

তেওঁলোকক সমাজকৰ্মী ভাইটি চৌধুৰীয়ে বঁটাসহ পাঁচ হাজাৰ টকা প্ৰদান কৰিব। পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে জানিবলৈ দিয়া মতে উক্ত বঁটা সমূহ অহা ১২ অক্টোবৰৰ দিনা দুপৰীয়া চাৰে বাৰ বজাত মালিগাঁও বৰিপাৰাস্থিত  কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এক সভাত প্ৰদান কৰা হ’ব।  সিদিনা  জালুকবাৰীৰ সমীপৰ খানামুখৰ প্ৰখ্যাত নামতি দল জ্ঞানমালিনী বিকশিত নামতি দলটোৱে অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ আধাৰত ৰচিত এটা দিহানাম পৰিবেশনৰে সভাখন শুভাৰম্ভ কৰা হব। আনহাতে  বঁটাপ্ৰাপ্ত আটাইকেইখন পূজা উদযাপন সমিতিৰ  সৰ্বাধিক পাঁচজন বিষয়ববীয়াৰ লগতে বিসৰ্জন সমিতিৰ সমূহ বিষয়ববীয়া, সদস্য, স্বেচ্ছাসেৱক , বিসৰ্জনৰ দুয়োদিনত  পাণ্ডুঘাটত সহযোগিতা আগবঢ়োৱা আৰক্ষী – প্ৰশাসনকে ধৰি সংশ্লিষ্ট সকলোকে উপস্থিত থাকিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *