উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২ ডিচেম্বৰত সামৰণি পৰা সৰ্বভাৰতীয় ৰেলৱে ভলীবল প্ৰতিযোগিতাত এন এফ ৰেলৱে ক্ৰীড়া সংস্থাৰ দলটোৱে ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আজি দলটো আহি মালিগাঁৱত উপস্থিত হোৱাৰ পাছত উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ ফালৰ পৰা ৰেলৱে সদৰ কাৰ্যালয়ৰ বাকৰিত ৰাজহুৱাভাৱে দলটোক ফুলাম গামোচা আৰু জাপিৰে উষ্ণ সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক ত্ৰিদীপ মজুমদাৰে আঁত ধৰা অনুষ্ঠানটোত ভাগ  লৈ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই উত্তৰ পূব সীমান্ত ৰেলৱেলৈ গৌৰব কঢ়িয়াই অনা বাবে দলটোক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগলৈকে যাতে এই ধাৰা অব্যাহত থাকে তাৰ কামনা  কৰে।

অনুষ্ঠানত কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, উপ সভাপতি ডি ব্ৰহ্ম, যুটীয়া সাধাৰণ সম্পাদক প্ৰকাশ বৰ্মন, সাংগঠনিক সম্পাদক  ভাস্কৰ দাস, কোষাধ্যক্ষ জোন দাস, সদৰ কাৰ্যালয়ৰ শাখা সম্পাদক মৃন্ময় ঠাকুৰীয়া , গাণনিক শাখাৰ ৱাহিদুৰ ৰহমান, মহিলা শাখাৰ মিতালী দত্তকে ধৰি ইউনিয়নৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *