মঙলবাৰে মালিগাঁৱৰ এন.এফ.আৰ.এছ.এ. (NFRSA) ষ্টেডিয়ামত অনুষ্ঠিত ১১ সংখ্যক সীতাৰাম ছাৱছাৰিয়া সোঁৱৰণী ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাত ইটানগৰৰ এন.জে.চি.এ. (NJCA) ক ১০৯ ৰানত পৰাস্ত কৰি আক্ৰীড়া চেণ্টাৰ অৱ এক্সেলেন্সে খিতাপ দখল কৰে। বুড ক্ৰিকেট ক্লাবৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল। ফাইনেল খেলখনত আক্ৰীড়া চেণ্টাৰ অৱ এক্সেলেন্সে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰে। পৃথ্বীৰাজ কাশ্যপে আকৰ্ষণীয় ১০৪ ৰানৰ (১৩ টা চাৰি) এক ইনিংছ খেলে। কৌশিক আৰ দাসে ৩৫ ৰান (৩ টা চাৰি) আৰু শ্ৰেয়াংশ তিৱাৰীয়ে ২৫ ৰানৰ বৰঙণি যোগায়। এন.জে.চি.এ. ইটানগৰৰ হৈ নিনি মাইবাঙে ২৭ ৰানত ৩ টা উইকেট দখল কৰি আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয়। নজৰুল আলীয়ে এটা উইকেট লাভ কৰে।২৪১ ৰানৰ বিজয় লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা ইটানগৰৰ এন.জে.চি.এ. দলটো ৩১.৫ অভাৰত ১৩১ ৰানতে অল আউট হয়। দলটোৰ হৈ ৰাজেশ ৰেবিয়ে ৩২ ৰান আৰু টানা জেমছে ৩১ ৰান কৰে। বিজয়ী দলৰ হৈ পৃথ্বীৰাজ কাশ্যপে অল ৰাউণ্ড প্ৰদৰ্শন কৰি ১০ অভাৰত ৪৬ ৰান দি ৪ টা উইকেট দখল কৰে। মকছদুদ্দিনে ২ টা উইকেট লাভ কৰে। ফাইনেল খেলখনত পৃথ্বীৰাজ কাশ্যপক ‘প্লেয়াৰ অফ দা মেচ’ আৰু ‘প্লেয়াৰ অফ দা টুৰ্ণামেণ্ট’ সন্মান প্ৰদান কৰা হয়। Share this:FacebookX Related Post navigation জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী