গোষ্ঠীগত সংঘৰ্ষক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা মণিপুৰৰ নিৰাপত্তা পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ কাকচিং জিলাৰ পৰা আৰক্ষীয়ে ছটাকৈ আগ্নেয়াস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বুধবাৰে জিলাখনৰ ৱাবাগাই নাটেখং তুৰেনমেই অঞ্চলত চলোৱা এক অভিযানৰ সময়তে এই মাৰণাস্ত্ৰসমূহ জব্দ কৰা হৈছে। উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰসমূহৰ ভিতৰত এটা এম-১৬ ৰাইফল, এটা এছ এল আৰ, এটা ছিংগেল বেৰেল বন্দুক, দুটা ছিংগেল বেৰেল বোল্ট-একচন ৰাইফল আৰু এটা ৭.৬৫ মিমিৰ পিষ্টল আছে। ইফালে, আগ্নেয়াস্ত্ৰৰ উপৰি জব্দ কৰা বিস্ফোৰক আৰু গোলা-বাৰুদৰ তালিকাখনো যথেষ্ট দীঘলীয়া। আৰক্ষীয়ে জনোৱা মতে, অভিযানস্থলীৰ পৰা ১০টা গ্ৰেনেড, চাৰিটা ডিটনেটৰ, দুটা আৰ্ম ৰিং আৰু প্ৰায় ৩ কেজি ওজনৰ এটা আই ই ডি উদ্ধাৰ কৰা হৈছে। তদুপৰি, নিৰাপত্তাৰক্ষীৰ দলটোৱে এটা বিস্ফোৰক শ্বেল, এটা ৫১ মিমিৰ মৰ্টাৰ বোমা, ছটা টিয়াৰ স্মোক শ্বেল আৰু ৭১ জাঁই সজীৱ গুলীও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, বিগত কিছু মাহ ধৰি মণিপুৰৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ থকা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে। এই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা কাৰ্যই অঞ্চলটোত হ’ব পৰা কোনো কূটাঘাতমূলক পৰিকল্পনা ব্যৰ্থ কৰা বুলি ধাৰণা কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত নিৰীক্ষণ অধিক কটকটীয়া কৰি তুলিছে আৰু এই মাৰণাস্ত্ৰসমূহ ক’ৰ পৰা আহিছিল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইফালে, নতুনকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই সীমান্তৱৰ্তী জিলাখনত পুনৰবাৰ উদ্বেগৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation আগন্তুক বিধানসভা নিৰ্বাচন কেৱল আনুষ্ঠানিকতাহে মাথোন ; অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা ;মধ্য গুৱাহাটীত কংগ্ৰেছ নেতা – কৰ্মীসহ বিভিন্ন জাতি জনগোষ্ঠীৰ পাঁচ শতাধিকৰ অগপ দলত যোগদান গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত