নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে ৬ জন আবেদনকাৰীয়ে। আইনখন কাৰ্যকৰী হোৱাৰ পিছত ৰাজ্যত এতিয়ালৈকে নাগৰিকত্বৰ বাবে আবেদন জনাইছে মুঠ ৭০ জনে।

সোমবাৰে অসম বিধানসভাৰ প্ৰশ্নোত্তৰ পৰ্বত এই তথ্য দাখিল কৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অগপৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত এই পৰিসংখ্যা সদনৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লিখিত উত্তৰ অনুসৰি, অসম চুক্তিৰ অধীনত ৰাজ্যত এতিয়ালৈকে ১,৭২,৬৭৩ জন বিদেশীক চিনাক্ত কৰা হৈছে। ইয়াৰে চলিত বৰ্ষৰ ৩০ জুনলৈকে ৩১,৭৮৯ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে।

ইয়াৰ উপৰি, ৭৩,৭৫৯ জনৰ বিদেশী সম্পৰ্কীয় গোচৰ বৰ্তমান বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছে। গোৱালপাৰা জিলাৰ মাটিয়া ট্ৰানজিট শিবিৰত ১৭৪ জন চিনাক্ত বিদেশীক ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে লিখিত উত্তৰত জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিত উত্তৰত লগতে উল্লেখ কৰে যে মাটিয়া ট্ৰানজিট শিবিৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে এতিয়ালৈকে ১ কোটি ৮৬ লাখ ১৫ হাজাৰ ৬৪২ টকা ব্যয় কৰিছে।

উল্লেখ্য যে, যোৱা বছৰৰ নৱেম্বৰ মাহলৈকে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত প্ৰায় ৪০ খন আবেদন দাখিল হৈছিল যদিও সেই সময়লৈকে নাগৰিকত্ব লাভ কৰিছিল মাত্ৰ তিনিজনে। পৰৱৰ্তী সময়ত বৰাক উপত্যকাৰ আৰু তিনিজন আবেদনকাৰীক নাগৰিকত্ব প্ৰদান কৰাত ৰাজ্যত এই আইনৰ অধীনত নাগৰিকত্ব লাভ কৰা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়।

চলিত বৰ্ষৰ মাৰ্চ মাহত কাছাৰ জিলাৰ এগৰাকী মহিলাই চিএএৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰি বিশেষভাৱে চৰ্চালৈ আহে। বিদেশী ন্যায়াধিকৰণে পূৰ্বে তেওঁক বিদেশী বুলি ঘোষণা কৰাৰ লগতে প্ৰায় দুবছৰ ডিটেনশ্যন কেন্দ্ৰত থাকিবলগীয়া হৈছিল। পিছত চিএএৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে তেওঁ স্বীকৃতি লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *