Month: March 2026

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি উইনভেষ্টাৰ পালছ ২০২৫–২৬ মুকলি কৰে

ভাৰতৰ মহিলাসকলে নিজৰ বিত্তীয় সিদ্ধান্তৰ দায়িত্ব ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে, ৫৬% মহিলাই এতিয়া স্বতন্ত্ৰভাৱে বিনিয়োগসমূহ বাছনি কৰে, যি ২০২২ চনত ৪৪% আছিল, ইউগভৰ সৈতে অংশীদাৰিত্বৰে ডিএছপি মিউচুৱেল ফাণ্ডে প্ৰকাশ…

জনমত সমীক্ষাত মুখ্যমন্ত্ৰীৰ দৌৰত হিমন্ত বিশ্ব শৰ্মা আগত, যুৱ প্ৰজন্মৰ পছন্দ গৌৰৱ গগৈ

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰতি জনসাধাৰণৰ আস্থা অব্যাহত থকাৰ ইংগিত দিছে এক শেহতীয়া জনমত সমীক্ষাই। ‘ভোট ভাইব’ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা এই জৰীপ অনুসৰি, মুখ্যমন্ত্ৰী হিচাপে…

নিৰ্বাচনী যুঁজত এআইইউডিএফৰ প্ৰথম তালিকা প্ৰকাশ; ৯টা সমষ্টিত প্ৰাৰ্থী ঘোষণা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (এআইইউডিএফ) সোমবাৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, যিয়ে ৯টা বিধানসভা সমষ্টিৰ বাবে মনোনীত প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰিছে। তালিকাত আমিনুল ইছলাম…

. বিতৰ্কিত অধ্যায়ৰ বাবে এনচিইআৰটিৰ ক্ষমা প্ৰাৰ্থনা, পাঠ্যপুথি বাজেয়াপ্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

ন্যায়পালিকাৰ দুৰ্নীতি আৰু প্ৰলম্বিত গোচৰ সন্দৰ্ভত বিতৰ্কিত অধ্যায় অন্তৰ্ভুক্ত কৰাৰ বাবে মঙলবাৰে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে। অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি ‘ভাৰত আৰু ইয়াৰ বাহিৰৰ…

আবকাৰী নীতি কেলেংকাৰি; কেজৰিৱাল-চিছোডিয়াৰ মুক্তিৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনিষ চিছোডিয়া আৰু আন ২১ গৰাকী অভিযুক্তক দোষমুক্ত কৰি বিশেষ আদালতে দিয়া ৰায়ক ‘প্ৰথম দৃষ্টিত ত্ৰুতিপূৰ্ণ’ বুলি অভিহিত কৰিলে দিল্লী উচ্চ…

অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান জয়ন্ত খাউণ্ডৰ; নতুন দিল্লীত সদস্যপদ গ্ৰহণ

অসম গণ পৰিষদ ত্যাগ কৰি সোমবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে জয়ন্ত খাউণ্ডে। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু দলৰ জ্যেষ্ঠ পৰ্যবেক্ষক ডি কে শিৱকুমাৰৰ উপস্থিতিত…

ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত এন ডি এৰ তিনি প্ৰাৰ্থী; যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োক বিজয়ী ঘোষণা

অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে বিজেপি আৰু ইউ পি পি এলৰ তিনিওগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই…

পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ সংসদত আলোচনাৰ দাবী ৰাহুল গান্ধীৰ; মোদী চৰকাৰক তীব্ৰ আক্ৰমণ বিৰোধী দলপতিৰ

পশ্চিম এছিয়াৰ বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ সংসদত আলোচনা কৰিবলৈ চৰকাৰে সন্মতি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সোমবাৰে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গান্ধীয়ে…

গুৱাহাটীবাসীৰ বাবে সুখবৰ; মঙলবাৰে মুকলি হ’ব অসমৰ দীৰ্ঘতম উৰণীয়া সেতু মহাৰাজ পৃথু ফ্লাইঅ’ভাৰ

গুৱাহাটী মহানগৰীৰ যান-জঁট সমস্যাৰ পৰা সকাহ দিবলৈ সাজু হৈ উঠিছে অসমৰ দীৰ্ঘতম উৰণীয়া সেতু। নুনমাটিৰ পৰা দীঘলীপুখুৰী সংযোগী প্ৰায় ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘মহাৰাজ পৃথু উৰণীয়া সেতু’ কাইলৈ অৰ্থাৎ ১০ মাৰ্চ,…

পশ্চিম এছিয়াৰ উত্তেজনাৰ প্ৰভাৱ; ৭ ঘণ্টা উৰাৰ পাছত দিল্লীলৈ উভতিল মানচেষ্টাৰগামী ইণ্ডিগোৰ বিমান

পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ বাবে সোমবাৰে মাজ আকাশৰ পৰাই দিল্লীলৈ উভতিবলৈ বাধ্য হ’ল ইণ্ডিগোৰ এখন আন্তঃৰাষ্ট্ৰীয় বিমান। নতুন দিল্লীৰ পৰা ব্ৰিটেইনৰ মানচেষ্টাৰ অভিমুখী বিমানখনে আকাশত প্ৰায় ৭ ঘণ্টা উৰাৰ পাছত…