ৰাছিয়াৰ মস্কোত ১৫ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত হোৱা ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি অসমৰ খেলুৱৈসকলে দুটা পদক জয় কৰি ৰাজ্যলৈ আন্তঃৰাষ্ট্ৰীয় গৌৰৱ কঢ়িয়াই আনিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে অসম উশ্বু সন্থাই এই কথা সদৰী কৰিছে।

প্ৰতিযোগিতাৰ চাণ্ডা ইভেণ্টত অসমৰ দুগৰাকী জুনিয়ৰ খেলুৱৈয়ে প’ডিয়ামত স্থান দখল কৰে। অমিত দাসে জুনিয়ৰ ল’ৰাৰ ৫৬ কেজিৰ তলৰ শাখাত প্ৰতিদ্বন্দ্বীসকলক পৰাস্ত কৰি সোণৰ পদক দখল কৰে। আক্ৰমণাত্মক কৌশল আৰু দ্ৰুত ফুটৱৰ্কেৰে অমিতে ফাইনেলত একপক্ষীয়ভাৱে জয় সাব্যস্ত কৰে। আনহাতে, জুনিয়ৰ ছোৱালীৰ ৫২ কেজিৰ তলৰ শাখাত মণিকা দলেই ধাৰাবাহিকভাৱে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ফাইনেলত প্ৰৱেশ কৰে আৰু ৰূপৰ পদক লাভ কৰে। ফাইনেলত সামান্য ব্যৱধানত পৰাজিত হ’লেও তেওঁৰ টেকনিক আৰু সাহসে সকলোৰে প্ৰশংসা লাভ কৰে।

এই প্ৰতিযোগিতাত এছিয়া আৰু ইউৰোপৰ ২০ খনতকৈও অধিক দেশৰ শ্ৰেষ্ঠ উশ্বু খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। তেনে এখন উচ্চ মানৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ খেলুৱৈৰ এই সাফল্যক ৰাজ্যৰ ক্ৰীড়া মহলত বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

অসম উশ্বু সন্থাৰ সভাপতি মুৰলী ধৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক ৰঞ্জিত বড়োৱে দুয়োগৰাকী পদক বিজয়ীক তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকে কয় যে অমিত আৰু মণিকাৰ সফলতাই ৰাজ্যৰ উশ্বুৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব। সন্থাই লগতে খেলুৱৈ দুগৰাকীৰ প্ৰশিক্ষক, অভিভাৱক আৰু সহযোগীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

বিশেষজ্ঞসকলৰ মতে, চাণ্ডা ইভেণ্টত ভাৰতৰ পদক জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাত অসমৰ খেলুৱৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে আৰু এই ফলাফলে আগন্তুক এছিয়ান যুৱ চেম্পিয়নশ্বিপৰ বাবে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *