ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ। চুৰিৰ গোচৰত কৰায়ত্ব কৰি থানালৈ লৈ আনিছিল সোন আহমেদ নামৰ এটা চোৰক। লকআপত সোমাব লওতেই আৰক্ষীৰ বেহু ফালি পালয়ন অভিযুক্ত চোৰটোৰ। চোৰটোক ধৰিবলৈ আৰক্ষীয়ে আপ্ৰাণ চেষ্টা চলাই যদিও থানাৰ সমীপতে থকা বৰলীয়া নৈত জাপ দি পলায়ন সোন আহমেদ নামৰ চোৰটোৰ। সম্প্ৰতি চোৰটোক বিছাৰি ৰঙিয়া আৰক্ষীয়ে বৰলীয়া নৈ আৰু আন আন অঞ্চলত চলাইছে অভিযান বিগত সময়ত চেইন কাঢ়ি নিয়াকে ধৰি বিভিন্ন চুৰি ডকাইতি কাৰ্য্যৰ লগত জঢ়িত আছিল ধৃত চোৰটো। Share this:FacebookX Related Post navigation নগাঁৱত বিদ্যুতৰ লুকাভাকু চেমচাঙে আগবঢ়াইছে গেলেক্সি এফ৫৫ ৫জি, য’ত আছে চিকচিকিয়া-মসৃণ ভেগান লেডাৰৰ ডিজাইন