ৰঙালী বিহু উদযাপনৰ লগত সংগতি ৰাখি আজি পশ্চিম কাঁঠালমুৰি জোনাকী সংঘৰ উদ্যোগত এখন ৰাজ্যিক পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয়। পাটাছাৰকুছিৰ পৰা আৰম্ভ হৈ নিত্যানন্দ, আকায়া, আৰু বিহাৰীবাৰী হৈ এই দৌৰ পশ্চিম কাঁঠালমুৰি জোনাকী সংঘৰ চৌহদত সমাপ্ত হয়।প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বজালী জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক তথা পাটাছাৰকুছি প্ৰাগজ্যোতি ক্লাবৰ সদস্য নিতুৱাল শৰ্মাই।
প্ৰতিযোগিতাত টিখেশ্বৰ কুৰ্মী, সূৰ্য দাস, কুম্ভা দেউৰী, সমীৰ মণ্ডল, ৰাজু নাৰ্জাৰী, হিতেশ বড়ো আৰু যতীন টিমুৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *