নগাঁও জিলাৰ জুৰীয়াৰ কাৱৈমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰ বাইজিদ বাহাৰে। কাৱৈমাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ফজলুল হক আৰু বানেচা খাতুনৰ পুত্ৰ বাইজিদ বাহাৰে সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৩৬ নম্বৰ লাভ কৰি যোগ্যতা অৰ্জন কৰিছে। সৰুৰে পৰাই তীক্ষ্ণ মেধা সম্পন্ন বাইজিদ বাহাৰৰ এই সফলতাত আজি অঞ্চলজুৰি আনন্দৰ বন্যা বৈছে। ভৱিষ্যতে এজন সু-চিকিৎসক হৈ মানৱ সেৱা কৰাৰ লগতে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোক সকলক সহায় সহযোগিতা কৰি এখন সুস্থ শৈক্ষিক সমাজ গঢ়িবলৈ সকলোৱে শুভেচ্ছা জনাইছে মেধাৱী ছাত্ৰ বাইজিদ বাহাৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *