দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ বৰ্ণবৈষম্যমূলক আচৰণ আৰু আক্ৰমণৰ বলি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতী। দেওবাৰে পুৱা দক্ষিণ দিল্লীৰ নেহৰু প্লেচ অঞ্চলত দুই যুৱতীক অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহে। এই ঘটনাক লৈ দিল্লী আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত কেইবাঠাইতো অভিযান চলাইছে। দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি, ১০ মে’ৰ পুৱা প্ৰায় ৭ বজাত কল্কাজী আৰক্ষী থানাত এজন ভুক্তভোগীৰ পৰা এটা ফোন কল লাভ কৰা হয়। নেহৰু প্লেচৰ ইৰ’ছ হোটেলৰ সমীপৰ এখন চাহৰ দোকানত এই ঘটনা সংঘটিত হোৱাৰ খবৰ পাই আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হয়। প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে যুৱতী দুগৰাকীক লক্ষ্য কৰি অতি অপমানজনক মন্তব্য কৰে, যাৰ পৰিণতিত পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। ভুক্তভোগী যুৱতী দুগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে এইমছ হাস্পতাললৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক এজাহাৰ দাখিল কৰি তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। তদন্তৰ অংশ হিচাপে নেহৰু প্লেচ অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে সেই সময়ত তাত উপস্থিত থকা কেইবাজনো প্ৰত্যক্ষদৰ্শীক চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে আঠজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। তদন্তকাৰী বিষয়াসকলে ইতিমধ্যে চাৰিজন মূল অভিযুক্তক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। এই অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ দিল্লী আৰক্ষীৰ কেইবাটাও দলে বিভিন্ন স্থানত অভিযান চলাই আছে। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীৰ ওপৰত হোৱা এনে আক্ৰমণৰ ঘটনাই দিল্লীত বসবাস কৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলৰ মাজত পুনৰ নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছতেই পাণ্ডুত বিজেপি কৰ্মী – সমৰ্থকৰ আনন্দ উল্লাহ; ৰাইজৰ মাজত মিঠাই বিতৰণ খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন; আজি নিশা গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী