অসম প্ৰদেশ বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত  আয়োজিত এনডিএ মিত্ৰজোটৰ বিধায়কৰ বৈঠকত কেন্দ্রীয় পর্যবেক্ষকদ্বয় ক্রমে-কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি  নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়েব সিং চাইনীয়ে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰে । সেই ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিত্ব কৰি অহা জালুকবাৰী সমষ্টিৰ বিজেপি দলৰ কর্মী-সমর্থকৰ মাজত আনন্দৰ ঢল বোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে ২০০১ চনৰ পৰা ২০২১  চনলৈ  পাঁচবাৰ পূৰ্বৰ জালুকবাৰী বিধানসভা সমষ্টিত আৰু এইবেলি নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ডঃ শৰ্মাই একেৰাহে ছয়বাৰ বিজয়ী হৈছে। যত ডঃ শর্মাই ২০১১ চনলৈ তিনিবাৰ কংগ্ৰেছৰ টিকটত আৰু ২০১৬ চনৰ পৰা ২০২৬ চনলৈ বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি তিনিবাৰ বিজয়ী হৈ আন এক বিৰল গৌৰৱ অৰ্জন কৰিছে দুটা দলৰ পৰা হেটট্রিক বিজয়ৰ বিৰল গৌৰৱ অর্জন কৰে।

আনহাতে যোৱা ৪ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত ডঃ শৰ্মা জালুকবাৰী সমষ্টিৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিজেপি দলৰ কৰ্মী-সমর্থকসকলে বিজয় সমদল উলিয়াই আনন্দ-উল্লাস  কৰা পৰিলক্ষিত হৈছিল । তাৰ পাছত আজি দুপৰীয়া পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী  দ্বিতীয়বাৰৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা হোৱাৰ পাছত জালুকবাৰী সমষ্টিৰ বিজেপি দলৰ কর্মী-সমর্থকৰ মাজত আকৌ আনন্দৰ ঢল বোৱা  ৰিলক্ষিত হয়। আনকি বিয়লি বিজেপি দলৰ জালুকবাৰী মণ্ডল কমিটিৰ আহ্বান মৰ্মে চাৰি শতাধিক কর্মী-সমর্থক  পাণ্ডু ৰে’লৱে বজাৰত মিলিত হয়। তাৰ পিছত বিজেপি কর্মী-সমর্থক সকলে ফটকা, আতচবাজী ফুটাই আনন্দ উল্লাস কৰে।

আনকি  ইজনে সিজনক মিঠাই খুৱাই আনন্দ প্রকাশ কৰাৰ লগতে উপস্থিত সকলোৰে মাজত  মিঠাই বিতৰণ  কৰে। একেদৰে তাত উপস্থিত সকলোৱে  বিজেপি জিন্দাবাদ,  হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দি আকাশ-বতাহ মুখৰিত কৰি তোলা পৰিলক্ষিত হয়। আনন্দ – উল্লাসৰ কাৰ্যসূচীত বিজেপি দলৰ জালুকবাৰী মণ্ডল কমিটীৰ সভাপতি পিয়াল শংকৰ দে, উপদেষ্টা দ্বিজেন লহকৰ, বিজেপিৰ পাৰিষদ ক্রমে- কল্লোল চক্ৰৱৰ্তী, অজয় চক্ৰৱৰ্তী, সঞ্জয় দাসৰ উপৰিও জয়ন্তী আচার্য, নিৰোদ ৰায়কে ধৰি কেবাজনো নেতা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *