অসমত নতুনকৈ গঠন হ’বলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে এতিয়া উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। কাইলৈ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ভব্য অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি দিনৰ ভাগত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিৰাপত্তা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি মঞ্চ সজ্জালৈকে সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰি তেওঁ সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ দাঙি ধৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আজি নিশাই গুৱাহাটীত উপস্থিত হ’ব। কাইলৈ পুৱা ১১ বজাত অসমৰ নতুন চৰকাৰখনে আনুষ্ঠানিকভাৱে শপত ল’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই উচ্চস্তৰীয় সমাৰোহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে এন ডি এ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব। চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কাইলৈ পুৱা ১১ বজাত অসমৰ নতুন চৰকাৰে শপত ল’ব। প্ৰধানমন্ত্ৰীগৰাকী আজি নিশাই গুৱাহাটীত উপস্থিত হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে শপত গ্ৰহণ অনুষ্ঠানত বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে ধৰি হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰিব। কেৱল সেয়াই নহয়, শপত গ্ৰহণৰ লগে লগেই নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলিও তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাটোৱেই নতুন চৰকাৰৰ প্ৰাথমিক লক্ষ্য হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। খানাপাৰাৰ এই বৃহৎ সমাৰোহত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা আৰু মন্ত্ৰীসকলৰ উপস্থিতিয়ে ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাসত এক নতুন মাত্ৰা যোগ কৰিব বুলি ধাৰণা কৰা হৈছে। বৰ্তমান অনুষ্ঠানস্থলীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। Share this:FacebookX Related Post navigation দিল্লীৰ নেহৰু প্লেচত উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতীক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ; গোচৰ ৰুজু অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ