নিষিদ্ধ ছেটেলাইট ফোন কঢ়িওৱাৰ অপৰাধত শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেওবাৰে আৰক্ষীয়ে আটক কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই নাগৰিকক। যাত্ৰীদ্বয়ৰ মালবস্তু নিয়মীয়া তালাচী চলাই থকাৰ সময়তে সুৰক্ষা কৰ্মীয়ে উদ্ধাৰ কৰে এই নিষিদ্ধ যন্ত্ৰসমূহ। আটক কৰা ব্যক্তি দুজনৰ এজনক মন্টানাৰ বাসিন্দা জেফ্ৰি স্কট প্ৰেথাৰ বুলি চিনাক্ত কৰা হৈছে। ছেটেলাইট ফোন উদ্ধাৰ হোৱাৰ লগে লগে বিমান বন্দৰৰ সুৰক্ষা বিষয়াসকলে তেওঁলোকক জেৰা আৰম্ভ কৰে।

প্ৰাথমিক সোধা-পোছাৰ অন্তত যাত্ৰী দুজনক অধিক তদন্তৰ বাবে স্থানীয় আৰক্ষীক গতাই দিয়া হয়। জানিব পৰা মতে, তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা যন্ত্ৰটো আছিল ‘গাৰ্মিন’ কোম্পানীৰ দ্বাৰা নিৰ্মিত এটা ছেটেলাইট ফোন। ভাৰতীয় টেলিগ্ৰাফ আইন অনুসৰি থুৰায়া বা ইৰিডিয়ামৰ দৰে উপগ্ৰহীয় যোগাযোগ সঁজুলি চৰকাৰী অনুমতি অবিহনে লগত ৰখাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। জম্মু আৰু কাশ্মীৰৰ দৰে অতি সংবেদনশীল নিৰাপত্তা বলয়ত এই ধৰণৰ যন্ত্ৰৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে অত্যন্ত কঠোৰ নীতি অৱলম্বন কৰে।

ভাৰত চৰকাৰৰ দুৰসংযোগ বিভাগৰ পৰা বিশেষ অনুজ্ঞাপত্ৰ সংগ্ৰহ নকৰাকৈ এনে যন্ত্ৰ ব্যৱহাৰ কৰাৰ ওপৰত দেশত দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নিষেধাজ্ঞা বলবৎ হৈ আছে। বিশেষকৈ সীমান্তৱৰ্তী আৰু সংঘাত প্ৰৱণ অঞ্চলসমূহত যিকোনো ধৰণৰ নিৰাপত্তাজনিত বিপদাশংকা হ্ৰাস কৰিবলৈ এই নীতি কঠোৰভাৱে পালন কৰা হয়। ভাৰতীয় আইন অনুসৰি কোনো বিদেশী নাগৰিকে যদি ছেটেলাইট ফোন দেশলৈ আনিব বিচাৰে, তেন্তে তেওঁলোকে দেশত প্ৰৱেশ কৰাৰ সময়তে বৈধ অনুমতি পত্ৰ দাখিল কৰাটো বাধ্যতামূলক। ইয়াৰ ব্যতিক্ৰম হ’লে ব্যক্তিজনক আটক কৰাৰ লগতে যন্ত্ৰটো বাজেয়াপ্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে।

শেহতীয়াকৈ ২০২৫ চনৰ আৰম্ভণিতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে যাত্ৰীসকলক এই সন্দৰ্ভত অৱগত কৰিবলৈ বিমান সংস্থা সমূহক নিৰ্দেশ দিছিল। এনে সজাগতা অভিযান চলোৱাৰ পাছতো যোৱা এটা বছৰত ভাৰতৰ বিভিন্ন বিমান বন্দৰত বহুকেইজন বিদেশী পৰ্যটক তথা পেছাদাৰী ব্যক্তি একেই কাৰণত আটক হ’বলগীয়া হৈছে। শ্ৰীনগৰৰ এই শেহতীয়া ঘটনাই এতিয়া পৰ্যটকসকলৰ মাজত পুনৰ নিৰাপত্তাজনিত নীতি-নিৰ্দেশনাৰ গুৰুত্বক সোঁৱৰাই দিছে। ইতিমধ্যে আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোক লৈ এক বিস্তৃত তদন্ত চলাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *