চলন্ত স্কুল বাছৰ পৰা বাগৰি পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দৰকাৰ সমীপত শনিবাৰে বিয়লি সংঘটিত হয় এই হৃদয়বিদাৰক দুৰ্ঘটনা। জানিব পৰা মতে, বাছখন সম্পূৰ্ণৰূপে ৰৈ নৌপাৱোতেই নামিবলৈ চেষ্টা কৰাৰ ফলতে মৃত্যুক সাৱটি লয় ছি-য়োমি জিলাৰ লুংটে গাঁৱৰ বাসিন্দা ন্যায়িৰ কামেই। চালকৰ অসাৱধানতাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষী মেনাই জনোৱা মতে, পূব চিয়াং জিলাৰ পাছিঘাটৰ পৰা একাংশ শিক্ষাৰ্থীক কঢ়িয়াই লৈ আহিছিল এখন স্কুল বাছে। মৃত ন্যায়িৰ কামেও লেপাৰাডা জিলাৰ বাছাৰত গীৰ্জাই আয়োজন কৰা এটা যুৱ শিবিৰত অংশ লৈ নিজ গৃহলৈ উভতি আহিছিল। যাত্ৰাৰ সময়ত কিশোৰীগৰাকীয়ে হঠাতে বমি ভাৱ অনুভৱ কৰে আৰু চালকক বাছখন ৰখাবলৈ অনুৰোধ জনায়। কিন্তু বাছখন ৰৈ দিয়াৰ পূৰ্বেই তেওঁ অসাৱধানবশতঃ নামিবলৈ চেষ্টা কৰে আৰু লগে লগে পথত ছিটিকি পৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কিশোৰীগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে গভীৰ শোকাকুল পৰিৱেশে। এই দুৰ্ভাগ্যজনক ঘটনাটোৱে বিদ্যালয়ৰ বাছসমূহৰ সুৰক্ষা ব্যৱস্থাক লৈও এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে আলি আৰক্ষীয়ে এখন এজাহাৰৰ ভিত্তিত গোচৰ ৰজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰীৰ এনে অকাল মৃত্যুৱে এতিয়া ম্ৰিয়মাণ কৰি তুলিছে পশ্চিম চিয়াং জিলাৰ জনসাধাৰণক। Share this:FacebookX Related Post navigation আইকনিক মটৰ চাইকেল পালছাৰ ১৮০ ন ৰূপত মুকলি কৰাৰ কথা ঘোষণা কৰিছে নিষিদ্ধ ছেটেলাইট ফোনসহ শ্ৰীনগৰ বিমানবন্দৰত ধৰা পৰিল দুই আমেৰিকান নাগৰিক