দেশৰ সামৰিক বাহিনীৰ সৰ্বোচ্চ পদবী তথা চিফ অফ ডিফেন্স ষ্টাফ হিচাপে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই গুৰুত্বপূৰ্ণ নিযুক্তিৰ কথা ঘোষণা কৰে। নতুন দায়িত্ব লাভ কৰা সুব্ৰমণিয়ে সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব।

প্ৰতিৰক্ষা খণ্ডৰ এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজতে ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি লাভ কৰে ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনে। বৰ্তমান নৌসেনাৰ পশ্চিমীয়া কমাণ্ডৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি থকা স্বামীনাথনে ইয়াৰ পূৰ্বে নৌসেনাৰ উপ-মুৰব্বী হিচাপেও সেৱা আগবঢ়াইছিল।

প্ৰতিৰক্ষা বাহিনীৰ তিনিটা শাখাৰ মাজত সমন্বয় অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে চৰকাৰে। নতুন চি ডি এছগৰাকীৰ ওপৰত দেশৰ সামৰিক আধুনিকীকৰণৰ এক বৃহৎ দায়িত্ব ন্যস্ত থাকিব। চৰকাৰৰ এই সিদ্ধান্তই দেশৰ নিৰাপত্তা ব্যৱস্থাক এক নতুন গতি প্ৰদান কৰিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *