প্ৰায় ১৭ বছৰ আগতে এটা অনাথ জহামালৰ পোৱালিক আশ্ৰয় দি নিজৰ সন্তানৰ দৰেই ডাঙৰ-দীঘল কৰিছিল কামপুৰৰ এটা পৰিয়ালে। মমতা, দায়িত্ববোধ আৰু প্ৰকৃতিপ্ৰেমৰ সেই বিৰল কাহিনীয়েই এইবাৰ স্থান পালে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই)-ৰ পাঠ্যপুথিত। নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাৰ ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ পৰিয়ালৰ এই অনন্য অভিজ্ঞতা এতিয়া দেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ পাঠ্যবস্তুৰ অংশ হৈ পৰিছে। এই কাহিনীটো পোহৰলৈ আহে পৰিয়ালটোৰ সৰু পুত্ৰ গিবন শইকীয়াৰ জৰিয়তে। ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ গিবনে শেহতীয়াকৈ নিজৰ ইংৰাজী পাঠ্যপুথিত ‘Baby Bhakat’ শীৰ্ষক এটা পাঠ প্ৰত্যক্ষ কৰে। পাঠটোত সন্নিৱিষ্ট থকা নাম আৰু আলোকচিত্ৰ দেখি তেওঁ জানিব পাৰে যে কাহিনীটোৰ মূল চৰিত্ৰ তেওঁৰ নিজৰ পিতৃ-মাতৃ। আনকি জহামালৰ কাষত থকা শিশুটিও আছিল তেওঁ নিজেই। ঘৰলৈ উভতি গৈ গিবনে বিষয়টো পিতৃ-মাতৃক জনোৱাৰ পিছত আৱেগিক হৈ পৰে সমগ্ৰ পৰিয়াল। বহু বছৰ আগৰ এটা ঘটনা যে দেশৰ অন্যতম বৃহৎ শিক্ষা ব’ৰ্ডৰ পাঠ্যপুথিত স্থান লাভ কৰিছে, সেই কথা তেওঁলোকেও জনা নাছিল। এই কাহিনীৰ আৰম্ভণি হৈছিল ২০০৯ চনত। সেই সময়ত ধৰণী শইকীয়াৰ ডাঙৰ পুত্ৰ পুলিনৰ বয়স আছিল ন বছৰ আৰু সৰু পুত্ৰ গিবনৰ বয়স আছিল মাত্ৰ ছয় মাহ। সেই বছৰৰে কোনো এটা দিনত গাঁৱৰ এজোপা গছৰ পৰা মাটিত সৰি পৰিছিল এটা জহামালৰ পোৱালী। স্থানীয় লোকসকলে খবৰ দিয়াত পোৱালিটোৰ ওচৰলৈ যায় ধৰণী শইকীয়া। দিনটো জুৰি পোৱালিটোৰ মাক উভতি আহে নেকি লক্ষ্য ৰাখিছিল তেওঁ। কিন্তু সন্ধিয়া পৰ্যন্ত কোনো সঁহাৰি নাপোৱাত পুত্ৰৰ সহায়ত পোৱালিটোক ঘৰলৈ আনি আশ্ৰয় দিয়ে। সেই সময়ত ভালদৰে চকুও মেলিব নোৱাৰা পোৱালিটোক কেনেকৈ জীয়াই ৰখা যায়, তাক লৈ চিন্তাত পৰে পৰিয়ালটো। অৱশেষত নিজৰ ছয় মাহীয়া সন্তানক গাখীৰ খুৱাই থকা অঞ্জলি শইকীয়াক পোৱালিটোকো গাখীৰ খুৱাবলৈ অনুৰোধ কৰে ধৰণী শইকীয়াই। প্ৰথমে দ্বিধাগ্ৰস্ত হ’লেও অনাথ পোৱালিটোৰ অৱস্থা দেখি সন্মতি জনায় অঞ্জলি শইকীয়াই। সেইদৰেই আৰম্ভ হয় জহামালৰ পোৱালিটোৰ নতুন জীৱন। পৰিয়ালটোৱে পোৱালিটোৰ নাম ৰাখে ‘ভকত’। সময়ৰ লগে লগে ভকত ঘৰখনৰ এজন সদস্য হৈ পৰে। পৰিয়ালৰ আন সদস্যসকলৰ দৰে সিও একেলগে খোৱা-বোৱা কৰিছিল। দিনৰ ভাগত বিভিন্ন ঠাইত ঘূৰি ফুৰিলেও নিশা আহি পৰিয়ালৰ কাষতেই শুইছিল। ঘটনাটোৱে সেই সময়ত বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ২০০৯ চনতেই বিষয়টোৰ খবৰ পাই দিল্লীৰ পৰা কামপুৰলৈ আহিছিল সংৰক্ষণ আলোকচিত্ৰশিল্পী ৰমেল শ্বনমুগম। তেওঁ দহ দিন ধৰি পৰিয়ালটোৰ সৈতে থাকি আলোকচিত্ৰ আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল। পৰৱৰ্তী সময়ত সেই তথ্যসমূহৰ আধাৰত প্ৰস্তুত হোৱা কাহিনীয়েই চিবিএছইৰ পাঠ্যপুথিত স্থান লাভ কৰে। উল্লেখ্য যে, ধৰণী শইকীয়া দীৰ্ঘদিন ধৰি বন্যপ্ৰাণী উদ্ধাৰ আৰু প্ৰকৃতি সংৰক্ষণৰ কামৰ সৈতে জড়িত। অঞ্চলটোত তেওঁ ‘ফৰেষ্ট মেন’ বুলিও পৰিচিত। তেওঁৰ পৰিয়ালে দেখুওৱা এই দায়িত্ববোধ আৰু প্ৰকৃতিপ্ৰেমৰ কাহিনীয়ে এতিয়া নতুন প্ৰজন্মক সহমৰ্মিতা, জীৱপ্ৰেম আৰু প্ৰকৃতি সংৰক্ষণৰ এক মূল্যৱান শিক্ষা প্ৰদান কৰিব। Share this:FacebookX Related Post navigation ৰাইজে নখ জোকাৰিলে নৈ বয়! আইআইটিত সুযোগ লাভ কৰিও থমকি ৰোৱা হৰপ্ৰীতৰ কাষত থিয় দিলে লক্ষজন পাকিস্তানৰ বেটিং শিবিৰত দীপ্তিৰ ধ্বংসযজ্ঞ; ৬৪ ৰানৰ জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ ভাৰতৰ