সীমান্তত নহয়, এইবাৰ ক্ৰীড়াঙ্গণত পাকিস্তানক উচিত এশিকনি দিলে ভাৰতৰ বীৰাঙ্গণাৰ দলে। ইংলেণ্ডৰ বাৰ্মিংহামস্থিত এজবাষ্টন ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ এখন বহুল প্ৰতীক্ষিত মেচত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাখনত বিজয়ী আৰম্ভণি কৰে ভাৰতে।

প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৫ উইকেট হেৰুৱাই ১৭০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ স্মৃতি মন্ধানাই সৰ্বাধিক ৬৮ ৰান সংগ্ৰহ কৰে। অধিনায়িকা হৰমনপ্ৰীৎ কৌৰে ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ইনিংছৰ অন্তিম পৰ্যায়ত ঋষা ঘোষে ১৭টা বলত ৩৪ ৰানৰ দ্ৰুত ইনিংছ খেলি ভাৰতৰ স্ক’ৰ ১৭০ ৰানলৈ আগবঢ়াই নিয়ে। দীপ্তি শৰ্মাইও বেটেৰে মূল্যৱান অৱদান আগবঢ়ায়।

১৭১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি আৰম্ভণিতে কিছু প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় পাকিস্তানে। অৱশ্যে খেল আগবঢ়াৰ লগে লগে মেচখনৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনি লয় ভাৰতীয় বলাৰসকলে। পাকিস্তানৰ হৈ মুনীবা আলীয়ে ৪১ ৰান সংগ্ৰহ কৰে যদিও দলটোক জয়ৰ পথত আগুৱাই নিব নোৱাৰিলে।

মধ্যভাগতে পাকিস্তানৰ বেটিং শৃংখলাত আঘাত হানে ভাৰতীয় বলিং আক্ৰমণে। বিশেষকৈ দীপ্তি শৰ্মাই একেৰাহে উইকেট দখল কৰি পাকিস্তানৰ ইনিংছত ভাঙোন আনে। মুনীবা আলীক ৰান আউট কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দীপ্তিয়ে।

পাকিস্তানৰ অধিনায়িকা ফাতিমা চানা আউট হোৱাৰ পিছতে দলটোৰ প্ৰতিৰোধ অধিক দুৰ্বল হৈ পৰে। ইনিংছৰ অন্তিম পৰ্যায়ত দীপ্তিয়ে মাত্ৰ পাঁচটা বলৰ ব্যৱধানত শেষৰ তিনিটা উইকেট দখল কৰি পাকিস্তানৰ ইনিংছ সামৰে। ১০ ৰান ব্যয় কৰি ৫টা উইকেট দখল কৰা দীপ্তিয়েই মেচখনৰ শ্ৰেষ্ঠ প্ৰদৰ্শক হিচাপে উজলি উঠে।

শ্ৰী সৰণীয়েও ভাৰতৰ জয়ত উল্লেখযোগ্য অৱদান আগবঢ়ায়। তেওঁ ২১ ৰান ব্যয় কৰি ৩টা উইকেট দখল কৰে। ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধ প্ৰদৰ্শনৰ সন্মুখত পাকিস্তানৰ বেটাৰসকলে দীঘলীয়া অংশীদাৰিত্ব গঢ়ি তুলিবলৈ সক্ষম নহয়।

শেষত ১৬.৫ অভাৰত ১০৬ ৰানতে অল আউট হয় পাকিস্তান। ফলত ৬৪ ৰানৰ বৃহৎ জয় সাব্যস্ত কৰি মহিলা টি-২০ বিশ্বকাপ অভিযানৰ শুভাৰম্ভ কৰে ভাৰতে।

উল্লেখ্য যে, মহিলা বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আধিপত্য এই মেচতো অব্যাহত থাকিল। টি-২০ আৰু এদিনীয়া বিশ্বকাপ মিলাই চিৰপ্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে ভাৰতৰ বিজয়ধাৰা পুনৰ এবাৰ অক্ষুণ্ণ থকা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *