আৰক্ষীৰ কাম কৰি দিয়াৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰা দালাল আৰু মধ্যভোগীৰ বিৰুদ্ধে নামি পৰিছে অসম আৰক্ষী। ৰাজ্যজুৰি চলোৱা এক মাৰাথন অভিযানত এতিয়ালৈকে ৩৩০ জন মধ্যভোগীক আটক কৰা হৈছে। উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই শনিবাৰে পুৱতি নিশা তিনি বজাৰ পৰা ২৯ খন জিলাত আৰম্ভ হয় এই অভিযান। আৰক্ষী চকীলৈ বিভিন্ন কামত অহা সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল এই চক্ৰসমূহে। গোচৰ নিষ্পত্তিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধন দাবী কৰা এই দালালসকলৰ ওপৰত আৰক্ষীয়ে বিগত কিছুদিন ধৰি চোকা নজৰ ৰাখিছিল। স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানৰ চৰকাৰী নম্বৰতো এনে প্ৰবঞ্চকে যোগাযোগ কৰাৰ কথা সংবাদমেলত পোহৰলৈ আহে।

অভিযানত কাছাৰ জিলাৰ পৰা সৰ্বাধিক সংখ্যক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। চাইবাৰ মাধ্যম ব্যৱহাৰ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ আছে ধৃতসকলৰ বিৰুদ্ধে। ইয়াৰ উপৰি লখিমপুৰত ১৫ জন, নগৰবেৰাত ১৩ জন, বঙাইগাঁও আৰু গৰৈমাৰীত ১০ জনকৈ, মৰিগাঁও আৰু ধুবুৰীত ৭ জনকৈ, গোৱালপাৰাত ৫ জন, বজালী, তামৰহাট আৰু সোণতলীত ৪ জনকৈ, গুৱাহাটীত ২ জন আৰু শিৱসাগৰ-গোলাঘাটতো দুজনকৈ মধ্যভোগী আৰক্ষীৰ জালত পৰে। অৱশ্যে মাজুলী আৰু শদিয়াত এনে কোনো লোক আটক হোৱা নাই।

অসমৰ উপৰি বহিঃৰাজ্যতো এই চক্ৰৰ নেটৱৰ্ক সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। বৰ্তমানেও অভিযান অব্যাহত আছে আৰু এই ঘটনাত জড়িত আন বহু লোক কৰায়ত্ত হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *