বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানকালত বিভাগৰ সজাগ বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰাৰ লগতে মাৰণাস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাজিৰঙাৰ পৰিচালক সোণালী ঘোষে জনোৱা মতে, বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত পূব বনাঞ্চল, গামিৰি আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধানকাৰী শাখাৰ এটা দলে যুটীয়াভাৱে এই অভিযান চলায়। ধৃত চোৰাং চিকাৰী কেইটাক কিৰণ পেগু, ৰিজু পেগু ওৰফে ৰিজুকান্ত আৰু পুলেন কামান বুলি চিনাক্ত কৰা হৈছে। মাজুলী, লক্ষ্মীমপুৰ আৰু বিশ্বনাথৰ বাসিন্দা এই তিনি অভিযুক্তক পূৰ্বৰ বন্যপ্ৰাণী অপৰাধৰ তথ্যৰ ভিত্তিত গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে। অভিযানৰ সময়ত মাজুলীৰ উখল চুকৰ পৰা এটা হাতে সজা ৰাইফলৰ অংশ উদ্ধাৰ কৰিছে বন কৰ্মীসকলে। উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহতো উদ্যানখনৰ গোপালজাৰণি অঞ্চলৰ পৰা এটা .৩০৩ ৰাইফল আৰু ১৩ জাঁই গুলী উদ্ধাৰ কৰা হৈছিল। উদ্যানখনৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ শেহতীয়াভাৱে নিৰীক্ষণ ব্যৱস্থা অধিক কঠোৰ কৰাৰ কথা জনাইছে পৰিচালক সোণালী ঘোষে। বৰ্তমান বন বিভাগে ধৃত অভিযুক্ত কেইজনক জেৰা অব্যাহত ৰাখিছে। বিশেষকৈ ‘বন দুৰ্গা’ হিচাপে পৰিচিত মহিলা বন কৰ্মীসকলৰ তৎপৰতা আৰু ধাৰাবাহিক অভিযানৰ ফলত উদ্যানখনত চোৰাং চিকাৰৰ ঘটনা পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস পাইছে। Share this:FacebookX Related Post navigation বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ফিট ইণ্ডিয়া অভিযানৰ প্ৰসাৰৰ বাবে সেনা আৰু SAI-ৰ যৌথ চাইকেল সমদল