পশ্চিমবংগত নতুন চৰকাৰ গঠন কৰিয়েই এতিয়া সম্পূৰ্ণ একশ্যন মুডত দেখা গৈছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকতে সীমান্তৰ ভূমি হস্তান্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বিশেষকৈ বাংলাদেশ সীমান্তত কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ বাবে বি এছ এফক ভূমি হস্তান্তৰৰ যি সিদ্ধান্ত লোৱা হৈছে, সি ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে।

বাংলাদেশ সীমান্তৰ এই ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ কৰা হ’ব বুলি বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, “বংগ চৰকাৰে সীমান্তত বেৰ দিয়াৰ বাবে বি এছ এফক ভূমি হস্তান্তৰত অনুমোদন জনাইছে। এই সমগ্ৰ প্ৰক্ৰিয়া অহা ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।” ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনি আয়ুষ্মান ভাৰতৰ লগতে অন্যান্য কেন্দ্ৰীয় আঁচনিসমূহ ৰাজ্যখনত তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ বাবেও কেবিনেটে অনুমোদন জনায়।

ইফালে শিক্ষক পদৰ প্ৰাৰ্থীসকলৰ বাবে এক বিশেষ ঘোষণা কৰি কেবিনেটে আবেদনৰ বয়সৰ সীমা পাঁচ বছৰ বৃদ্ধিৰ প্ৰস্তাৱত মোহৰ মাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই পদক্ষেপ লোৱা বুলি অধিকাৰীয়ে উল্লেখ কৰে। ইয়াৰ উপৰিও পূৰ্বৰ তৃণমূল চৰকাৰে মহিলা সংৰক্ষণত বাধা দিবলৈহে লোকপিয়লৰ কাম স্থগিত ৰাখিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “টি এম চি চৰকাৰে সংবিধান আৰু জনসাধাৰণৰ লগত বিশ্বাসঘাটকতা কৰিছিল। কেবিনেটে এতিয়া এই প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।”

একেদৰে ৰাজ্যখনত ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছ আনুষ্ঠানিকভাৱে বলবৎ কৰাৰ বাবেও প্ৰথমখন কেবিনেট বৈঠকে সন্মতি প্ৰদান কৰে। ইয়াৰ পূৰ্বে তৃণমূল চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন আইনখন ৰাজ্যত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰী অনুমোদন দিয়া নাছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেডাৰ বিষয়াৰ প্ৰশিক্ষণৰ বাবেও চৰকাৰে এতিয়াৰে পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ দায়িত্ব মুখ্য সচিবক অৰ্পণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *