১২ বছৰীয়া ব্যৰ্থতাৰ বোজা দেশৰ জনসাধাৰণৰ ওপৰত জাপি দিয়াটো বিজেপি চৰকাৰৰ এক চৰিত্ৰ হৈ পৰিছে। পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশত দেখা দিয়া অৰ্থনৈতিক সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মিতব্যয়ী হোৱাৰ যি আহ্বান জনাইছে, তাক লৈ সোমবাৰে এইদৰে তীব্ৰ আক্ৰমণ চলায় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হোৱা এই নতুন বাকযুদ্ধই এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত কৰি তুলিছে। প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে দেশৰ অৰ্থনীতিক এনে এক পৰ্যায়লৈ ঠেলি দিছে য’ত এতিয়া নাগৰিকক কি কিনিব লাগে বা কেনেকৈ জীয়াই থাকিব লাগে তাৰ উপদেশ দিয়া হৈছে। তেওঁ কয়, “মোদী জীয়ে কালি জনসাধাৰণক ত্যাগ কৰিবলৈ আহ্বান জনাইছে। সোণ নিকিনিবলৈ, বিদেশ ভ্ৰমণ নকৰিবলৈ, পেট্ৰ’লৰ ব্যৱহাৰ কমাবলৈ আৰু ঘৰৰ পৰা কাম কৰিবলৈ দিয়া এই পৰামৰ্শই প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী দেশ চলাবলৈ এতিয়া অক্ষম।” ইফালে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও চৰকাৰক লক্ষ্য কৰি কয় যে যেতিয়া পশ্চিম এছিয়াৰ সংকটৰ বাবে মানুহে অৰ্থনৈতিক দুৰৱস্থাৰ সন্মুখীন হৈছে, তেতিয়া প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ আৰু ৰোডশ্ব’ত ব্যস্ত আছিল। তেওঁ কয়, “অৰ্থনীতিৰ ধ্বংস, টকাৰ মূল্য হ্ৰাস আৰু ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ চৰকাৰে আওকাণ কৰি এতিয়া জনসাধাৰণক সঞ্চয়ৰ পাঠ পঢ়ুৱাইছে।” বিৰোধীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই কয় যে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ত্যাগ কৰিবলৈ কোৱা নাই, বৰঞ্চ ৰাষ্ট্ৰীয় স্বাৰ্থত সচেতন সিদ্ধান্ত ল’বলৈহে আহ্বান জনাইছে। মালব্যই লগতে জৱাহৰলাল নেহৰুৰ প্ৰসংগ টানি আনি ৰাহুল গান্ধীক ওলোটাই প্ৰশ্ন কৰে যে যদি জনসাধাৰণক দায়িত্ব পালনৰ আহ্বান জনোৱাটো ব্যৰ্থতা হয়, তেন্তে নেহৰুও এজন অক্ষম প্ৰধানমন্ত্ৰী আছিল নেকি। বিজেপিয়ে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় স্বাৰ্থত জনসাধাৰণৰ অংশগ্ৰহণক কংগ্ৰেছে সদায় নেতিবাচক দৃষ্টিৰে চাই আহিছে। Share this:FacebookX Related Post navigation অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ