পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক বিশাল সমাৰোহত ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। বামপন্থী আৰু তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই বিজেপিৰ এই উত্থানক সমগ্ৰ পূব ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হিচাপে গণ্য কৰা হৈছে।

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে আন ৫ গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই নতুন কেবিনেটত স্থান পোৱা নেতাসকলৰ ভিতৰত আছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ ঘোষ, অগ্ৰণী নেত্ৰী অগ্নিমিত্ৰা পল আৰু উত্তৰ বংগৰ প্ৰভাৱশালী নেতা নিশিথ প্ৰামাণিক। ইয়াৰ উপৰিও বিধায়ক অশোক কীৰ্তনীয়া আৰু ৰাণীবান্ধ সমষ্টিৰ জনজাতীয় নেতা ক্ষুদিৰাম টুডুৱেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি বংগৰ নতুন প্ৰশাসনত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে।

এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত দেশৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে উপস্থিত থাকি নতুন চৰকাৰখনক অভিনন্দন জনোৱাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি আৰু এন ডি এ শাসিত ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই বিশাল শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *