পুনৰ অপৰাধীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হ’ল নলবাৰীৰ ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলী।

জিলাখনৰ ছাত্ৰ নেতাগৰাকীৰ হত্যাক লৈ ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে মুকালমুৱাত আৰক্ষীৰ সৈতে হোৱা এক তীব্ৰ সংঘৰ্ষত নিহত হয় এই ঘটনাৰ মূল অভিযুক্তটো।

জানিব পৰা মতে, মুকালমুৱাৰ গঙ্গাপুৰৰ সমীপত স্কুটীৰে গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল ১৯ বছৰীয়া মাধুৰ্য বৰ্মন আৰু ১৮ বছৰীয়া মৃদুমুদ্ৰা ডেকা। এই আক্ৰমণত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা চামতাৰ বালিপথাৰৰ বাসিন্দা মাধুৰ্য বৰ্মনৰ থিতাতে মৃত্যু ঘটে।

আনহাতে, গুৰুতৰভাৱে আহত মৃদুমুদ্ৰা ডেকাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হয়। এই আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা সমগ্ৰ নলবাৰী জিলাতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু দোষীক কৰায়ত্ত কৰাৰ দাবীৰে বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

এই ঘটনাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত অভিযুক্ত ৰোজ আলী আৰু আশিক আলীৰ বিৰুদ্ধে এক তীব্ৰ অভিযান আৰম্ভ কৰে। শনিবাৰে নিশা আৰক্ষীৰ এটা দলে মুকালমুৱাৰ এক বিশেষ স্থানত আত্মগোপন কৰি থকা মূল অভিযুক্ত ৰোজ আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা হাতকেৰেয়া ফালি অভিযুক্তজনে পলায়নৰ চেষ্টা চলায় আৰু আৰক্ষী কৰ্মীৰ ওপৰত ওলোটাই আক্ৰমণ কৰে। উপায়ন্তৰ হৈ আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে কৰা গুলীচালনাত থিতাতে নিহত হয় ৰোজ আলী।

ইফালে, একাংশ সংগঠনে এই ঘটনাক একপক্ষীয় প্ৰেমৰ পৰিণতি বুলি দাবী কৰিছে যদিও সমগ্ৰ বিষয়টোৰ ওপৰত বৰ্তমানও অসম আৰক্ষীৰ এক গভীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *