ব্ৰহ্মপুত্ৰৰ জল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে শুকুৰবাৰে ডিব্ৰুগড় আৰু ধুবুৰীত নিৰ্মাণ কৰা দুটাকৈ অত্যাধুনিক শুল্ক তথা অভিবাসন চৌহদ মুকলি কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আয়োজিত এক অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল পদ্ধতিৰে এই প্ৰকল্পসমূহৰ উদ্বোধন কৰে। বগীবিলত ৫১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই আন্তঃগাঁথনিৰ জৰিয়তে পৰ্যটন আৰু বাণিজ্যিক জাহাজসমূহৰ যাত্ৰী তথা সামগ্ৰী পৰীক্ষণৰ কাম সহজ হৈ পৰিব। উদ্বোধনী ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে দেশৰ জল পৰিবহণ ব্যৱস্থাৰ পৰিসংখ্যা দাঙি ধৰে। তেওঁ কয়, ”কংগ্ৰেছ চৰকাৰৰ দিনত দেশত মাত্ৰ ৫ খনহে ৰাষ্ট্ৰীয় জলপথ আছিল, কিন্তু বৰ্তমান ই ১১১ খনলৈ বৃদ্ধি পাইছে’, তেওঁ লগতে কয়, ‘ব্ৰহ্মপুত্ৰত পূৰ্বে মাত্ৰ ৩ খন ক্ৰুছ চলিছিল যদিও এতিয়া ১৫ খনকৈ ক্ৰুছ চলিছে’।” মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বৰ্তমান অসমৰ ২০ খন নদী ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত হৈছে আৰু ইয়াৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতেও বাণিজ্যিক সংযোগ স্থাপন কৰা হ’ব। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ এটা ঐতিহ্যমণ্ডিত ভৱনৰো মুকলি কৰা হয়। অনুষ্ঠানটোত ৰাজ্যিক মন্ত্ৰী বিমল বৰা, যোগেন মহন, বিধায়ক প্ৰশান্ত ফুকন আৰু জলপথ প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে বগীবিলত নিৰ্মাণ হৈ থকা অত্যাধুনিক বন্দৰটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। Share this:FacebookX Related Post navigation টাটা এআইজি ব্যক্তিগত দুৰ্ঘটনা বীমা সমাধান এক্সিডেণ্ট ছুপাৰ গাৰ্ড প্লাছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে আদালতৰ নিৰ্দেশত জেলমুক্ত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিব