চ’নী ইণ্ডিয়াই নিজৰ আলফা ফুল-ফ্ৰেম ই-মাউণ্ট চিষ্টেমৰ বাবে দুটা নতুন জি মাষ্টাৰ চুপাৰ-টেলিফ’ট’ প্ৰাইম লেন্স —এফই ৪০০এমএম এফ৪.৫ জিএম অএছএছ আৰু এফই ৬০০ এমএম এফ৬.৩ অএছএছ— মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাক কোম্পানীটোৱে নিজৰ নিজৰ শ্ৰেণীত বিশ্বৰ আটাইতকৈ পাতল লেন্স বুলি অভিহিত কৰিছে।ক্ৰমে প্ৰায় ৯৯৪ গ্ৰাম আৰু ৯৯৫ গ্ৰাম ওজনৰ এই লেন্সকেইখন চৰাই, বন্যপ্ৰাণী আৰু ক্ৰীড়াৰ ফটোগ্ৰাফী কৰাৰ সময়ত অধিক পৰ্টেবিলিটী(সহজে কঢ়িয়াই নিব পৰা) আৰু হাতৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ বিশেষ ধৰণে ডিজাইন কৰা হৈছে। চ’নীয়ে কয় যে ইয়াৰ অনুকূলিত ওজনৰ সন্তুলনে চেণ্টাৰ অৱ গ্ৰেভিটী কেমেৰাৰ বডীৰ ওচৰলৈ আনে, যাৰ ফলত ফটোগ্ৰাফাৰসকলক ফ্ৰেমিং বজাই ৰখা, গতিশীল বস্তুক ট্ৰেক কৰা আৰু পেনিং শ্বট লোৱাত সহায় কৰে।দুয়োখন লেন্সতে ক্ৰমেটিক এবেৰেচন প্ৰতিৰোধ কৰিবলৈ আৰু হাই ৰিজল্যুচন প্ৰদান কৰিবলৈ তিনিটা চুপাৰ ইডি আৰু এটা ইডি গ্লাছ উপকৰণো সংযোগ কৰিছে, আনহাতে নেন’ এআৰ কোটিং II-এ ঘোচটিং আৰু ফ্লেয়াৰ হ্ৰাস কৰাত সহায় কৰে। মসৃণ জি মাষ্টাৰ ব’কে সৃষ্টি কৰিবলৈ এটা ১১-ব্লেডৰ বৃত্তাকাৰ এপাৰচাৰ ডিজাইন কৰা হৈছে।দ্ৰুত, নিখুঁত আৰু শান্ত অটোফ’কাচৰ বাবে লেন্সসমূহত দুটা এক্সডি লিনিয়াৰ মটৰ ব্যৱহাৰ কৰা হৈছে আৰু ই এএফ/এই ট্ৰেকিঙৰ সৈতে ১২০ এফপিএছপৰ্যন্ত আলফা ৯ III অবিৰত শ্বুটিঙৰ সুবিধা প্ৰদান কৰে। বিল্ট-ইন অপ্টিকেল ইমেজ ষ্টেবিলাইজেচনে হাতত ধৰি শ্বুটিঙৰ বাবে অধিক সুবিধাজনক কৰি তুলিছে।চ’নীয়ে কয় যে সুসংগত টেলিমেকানিজম বা টেলিকনভাৰ্টাৰৰ সৈতে এফই ৪০০এমএম-এ ৮০০ এমএমপৰ্যন্ত আৰু এফই ৬০০এমএম-এ ১,২০০এমএম পৰ্যন্ত দূৰত্ব লাভ কৰিব পাৰে। দুয়োখন লেন্সতে ধূলি আৰু আৰ্দ্ৰতা প্ৰতিৰোধী গাঁথনি আছে।এফই ৪০০এমএম এফ৪.৫ জিএম অএছএছৰ মূল্য ৩,১০,৯৯০ টকা, আনহাতে, এফই ৬০০ এমএম এফ৬.৩ অএছএছৰ মূল্য ৪,২৮,৯৯০ টকা। দুয়োখন লেন্স ২৪ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ চ’নী ৰিটেইল আউটলেট, কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ আৰু প্ৰধান ই-কমাৰ্চ প্লেটফৰ্মসমূহত উপলব্ধ হৈছে। Share this:FacebookX Related Post navigation ট্ৰুকলাৰে বুদ্ধিমত্তাৰ জৰিয়তে জালিয়াতি ধৰা পেলোৱাৰ প্ৰযুক্তিক একত্ৰিত কৰি মুকলি কৰিছে স্কেম চেকাৰ