চ’নী ইণ্ডিয়াই ভাৰতত আলফা ৭আৰ VI মুকলি কৰি নিজৰ প্ৰিমিয়াম আলফা কেমেৰা পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ই হৈছে ৬৬.৮ মেগাপিক্সেলৰ বেক-ইলুমিনেটেড এক্সমৰ আৰএছ চিম’ছ চেন্সৰ আৰু শেহতীয়া বিয়ঞ্জ এক্সআৰ২ ইমেজ প্ৰচেছিং ইঞ্জিনযুক্ত এক ধ্বজাবাহী ফুল-ফ্ৰেম মিৰৰলেচ ইণ্টাৰচেঞ্জেবল-লেন্স কেমেৰা। পেছাদাৰী ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে বিশেষধৰণে প্ৰস্তুত কৰা এই নতুন কেমেৰাটোত অতি-উচ্চ ৰিজ্যুলচন, এআই চালিত বিষয়বস্তু চিনাক্তকৰণ, প্ৰতি চেকেণ্ডত ৩০ ফ্ৰেম পৰ্যন্ত ব্লেকআউট-মুক্ত অবিৰত শ্বুটিং আৰু উন্নত ৮কে ভিডিঅ’ ৰেকৰ্ডিং সামৰ্থ্য অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও চ’নীয়ে উন্নত ভিডিঅ’ প্ৰডাকচনৰ বাবে পেছাদাৰী মানদণ্ডৰ ৩২-বিট ফ্ল’ট অডিঅ’ ৰেকৰ্ডিং কৰিব পৰা এক্সএলআৰ-এ৪ এক্সএলআৰ এডাপ্টৰো মুকলি কৰিছে।আলফা ৭আৰ VI কেমেৰাটোৱে ১৬ ষ্টপলৈকে ডাইনেমিক ৰেঞ্জ, ৫-এক্সিছ অপ্টিকেল ইমেজ ষ্টেবিলাইজেচন, বিষয়-কেন্দ্ৰিক চাবজেক্ট ট্ৰেকিঙৰ সৈতে বাস্তৱ সময়ৰ চিনাক্তকৰণ এএফ+, দুটা ইউএছবি টাইপ-চি পৰ্ট, এটা উচ্চ ক্ষমতাৰ এনপি-এছএ১০০ বেটাৰী আৰু চি২পিএ মানদণ্ডত আধাৰিত চ’নীৰ কেমেৰা অথেণ্টিচিটী চল্যুচন সমৰ্থন কৰে। ভিডিঅ’ নিৰ্মাতাসকলৰ বাবে ই ৮কে ৩০পি আৰু ফুল-ফ্ৰেম ৪কে ৰেকৰ্ডিং প্ৰতি চেকেণ্ডত ১২০ ফ্ৰেম পৰ্যন্ত সমৰ্থন কৰে, সমান্তৰালভাৱে উন্নত ষ্টেবিলাইজেচন আৰু পেছাদাৰী অডিঅ’ ব্যৱস্থা সংযোগ কৰা হৈছে। চ’নী ইণ্ডিয়াৰ ইমেজিং এণ্ড প্ৰফেচনেল চল্যুচন বিজনেছ শাখাৰ মুৰব্বী মুকেশ শ্ৰীবাস্তৱে কয় যে, এই নতুন মডেলটোৱে আপোচহীন প্ৰদৰ্শন বিচৰা নিৰ্মাতাসকলৰ বাবে অত্যাধুনিক ইমেজিং প্ৰযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।৩ জুলাইৰ পৰা চ’নী চেণ্টাৰ ষ্ট’ৰ, ShopatSC.com আৰু আমাজনত ৪,৭০,৯৯০ টকাৰ সৰ্বোচ্চ খুচুৰা মূল্যত আলফা ৭আৰ VI উপলব্ধ হ’ব। সীমিত সময়ৰ শুভাৰম্ভণি অফাৰ হিচাপে কেমেৰাটো ক্ৰয় কৰা গ্ৰাহকসকলে ১০,৪৯০ টকা মূল্যৰ এক বিনামূলীয়া এনপি-এছএ১০০ বেটাৰী লাভ কৰিব। চ’নীয়ে পেছাদাৰী কাম-কাজ সহজ কৰি তুলিবলৈ ভিজি-চি৬ ভাৰ্টিকেল গ্ৰিপ, বিচি-এছএডি১ বেটাৰী চাৰ্জাৰ, ডিচি-চি২ পাৱাৰ কাপ্লাৰ আৰু এক্সএলআৰ-এ৪ অডিঅ’ এডাপ্টৰৰ দৰে সামঞ্জস্যপূৰ্ণ সঁজুলিসমূহো বজাৰলৈ লৈ আহিছে।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পেছাদাৰী ফটোগ্ৰাফাৰ, বিবাহৰ চলচ্চিত্ৰ প্ৰস্তুতকৰ্তা, বন্যপ্ৰাণী প্ৰেমী আৰু ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ মাজত ক্ৰমান্বয়ে বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত এই শুভাৰম্ভণিয়ে প্ৰিমিয়াম ইমেজিং খণ্ডত চ’নীৰ স্থিতি অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ক্ৰিয়েটিভ প্ৰফেচনেল আৰু মিডিয়া প্ৰডাকচনৰ বাবে গুৱাহাটী এক আঞ্চলিক হাব হিচাপে গঢ়ি উঠাৰ বাবে আলফা ৭আৰ VIৰ হাই ৰিজ্যলুচন ইমেজ, এআই-চালিত অটোফ’কাচ আৰু উন্নত ভিডিঅ’ সামৰ্থ্যই বাণিজ্যিক তথা চিনেমেটিক প্ৰকল্পৰ বাবে ফ্লেগশ্বিপ-গ্ৰেডৰ সঁজুলি বিচৰা ব্যৱহাৰকাৰীসকলক আকৰ্ষিত কৰাৰ প্ৰবল সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation জুন মাহত বাহন যোগান ৪৭% বৃদ্ধিৰে টিভিএছ মটৰ্ছৰ অভিলেখসংখ্যক ত্ৰৈমাসিক বিক্ৰী