স্কোডা অটো ইণ্ডিয়াই সমগ্ৰ দেশজুৰি থকা গ্ৰাহক সেৱাকেন্দ্ৰৰ নেটৱৰ্ক ১৯৩খন চহৰৰ ৩৫০টাতকৈও অধিক স্থানলৈ সম্প্ৰসাৰণ কৰিছে, যি ২০২১ চনৰ তুলনাত প্ৰায় ৮৫% বৃদ্ধি হৈছে। ইম্ফলত ৩৫০সংখ্যক টাচ্চপইণ্ট মুকলিৰে মণিপুৰত সবল খোজ থৈ কোম্পানীটোৱে ২০২৬ চনৰ ৩০ অক্টোবৰত এই মাইলৰ খুঁটি স্পৰ্শ কৰিলে। কোম্পানীটোৰ এই নেটৱৰ্ক ২০২১ চনৰ ১৯১টা টাচপইণ্টৰ পৰা বৃদ্ধি পাই ২০২৫ চনত ৩২৫টা আৰু ২০০৬ চনৰ অক্টোবৰত ৩৫০তকৈও অধিক হৈছেগৈ। ৭৯জন ডিলাৰ সহযোগীৰ সমৰ্থনেৰে এই নেটৱৰ্ক ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিয়পি পৰিছে, য’ত ২৭০টা বিক্ৰী আৰু ২০৩টা বিক্ৰী-পৰৱৰ্তী কেন্দ্ৰ অন্তৰ্ভুক্ত হৈ আছে।২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৬ চনৰ অক্টোবৰ মাহৰ ভিতৰত কোম্পানীটোৱে ৩৮খন নতুন চহৰত ৫৮টা শ্ব’ৰুম আৰু ৩৪খন নতুন চহৰত ৪৫টা ৱৰ্কশ্বপ সংযোজন কৰিছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই কয় যে, এই সম্প্ৰসাৰণে গ্ৰাহকৰ সহজ প্ৰৱেশাধিকাৰ উন্নত কৰা আৰু এক ধাৰাবাহিক বিক্ৰী তথা বিক্ৰী-পৰৱৰ্তী অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতি কোম্পানীটোৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰে। ২০২৬ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ব্ৰেণ্ডটোৰ সামগ্ৰিক বিক্ৰীৰ ২৫তকৈও অধিক অৰিহণা এই নতুন আউটলেটসমূহৰ পৰাই আহিছে।এই সম্প্ৰসাৰণে সমগ্ৰ উত্তৰ-পূব ভাৰতত স্কোডা বাহন আৰু বিক্ৰী-পৰৱৰ্তী সেৱাসমূহৰ উপলব্ধতা অধিক শক্তিশালী কৰি তুলিব পাৰে। কোম্পানীটোৱে সদৰি কৰা মতে, এই অঞ্চলত ভস্কছৱাগেন গ্ৰুপৰ ব্ৰেণ্ডসমূহৰ ভিতৰত স্কোডাৰ ভৌগোলিক পৰিসৰ আটাইতকৈ বেছি। ২০২৬ চনত ইম্ফলত প্ৰৱেশ আৰু যোৰহাটত উপস্থিতিয়ে ডাঙৰ মহানগৰসমূহৰ উৰ্ধ্বলৈ গৈ উদীয়মান বজাৰসমূহক স্পৰ্শ কৰাৰ প্ৰচেষ্টাকে প্ৰদৰ্শন কৰিছে।দেশৰ ১৬খন চহৰ, ১৮টা অট’ম’টিভ ব্ৰেণ্ড আৰু ৮৮,০০০ গ্ৰাহকৰ পৰ্যালোচনা সামৰি লোৱা কাৰপিএইচডি সমীক্ষাত এই ব্ৰেণ্ডটোৰ ডিলাৰ নেটৱৰ্কে ডিলাৰশ্বিপ গ্ৰাহক অভিজ্ঞতাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে। স্কোডাৰ গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপসমূহৰ ভিতৰত স্কোডা ছুপাৰ কেয়াৰ আৰু এক্সপ্ৰেছ কেয়াৰ সেৱা অন্তৰ্ভুক্ত আছে। Share this:FacebookX Related Post navigation গড্ৰেজে ঘৰুৱা লকাৰ আৰু আৱাসিক সমাজলৈ আগবঢ়াইছে মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি অক্টোবৰ মাহৰ ঘৰুৱা পাইকাৰী বাহন বিক্ৰীত নিচান মটৰ ইণ্ডিয়াৰ ৫০% বৃদ্ধি