এছবিআই ফাণ্ডচ মেনেজমেণ্ট লিমিটেডে ঘোষণা কৰিছে যে নিজৰ প্ৰথমটো আইপিঅ’ অহা ১৪ জুলাইত জনসাধাৰণৰ গ্ৰাহকভুক্তিৰ বাবে মুকলি হ’ব আৰু ১৬ জুলাইত বন্ধ হ’ব। ১ টকা ফেচ ভেল্যুৰ প্ৰতিটো ইকুইটি শ্বেয়াৰৰ বাবে মূল্যৰ পৰিসৰ বা প্ৰাইচ বেণ্ড ৫৪৫ টকাৰ পৰা ৫৭৪ টকা ধাৰ্য কৰা হৈছে। এংকৰ ইনভেষ্টৰসকলৰ বাবে বিডিং প্ৰক্ৰিয়া ১৩ জুলাইত অনুষ্ঠিত হ’ব। বিনিয়োগকাৰীসকলে নূন্যতম ২৬টা ইকুইটি শ্বেয়াৰ আৰু তাৰ পিছত ২৬ৰ গুণিতক হিচাপত বিড-আবেদন কৰিব পাৰিব। এই আইপিঅ’ সম্পূৰ্ণৰূপে এটা অফাৰ-ফৰ-চেল, যাৰ অধীনত ২০৩.৭১ নিযুত পৰ্যন্ত ইকুইটি শ্বেয়াৰ বিক্ৰী কৰা হ’ব। প্ৰাইচ বেণ্ডৰ নিম্নসীমা অনুসৰি নিজৰ মুঠ আকাৰ প্ৰায় ১১,১০২ কোটি টকা আৰু উচ্চসীমা অনুসৰি প্ৰায় ১১,৬৯২ কোটি টকা বুলি অনুমান কৰা হৈছে।

১৯৯২ চনত প্ৰতিষ্ঠিত এছবিআই ফাণ্ডচ মেনেজমেণ্ট হৈছে ত্ৰৈমাসিক গড় মিউচুৱেল ফাণ্ড এচেট আণ্ডাৰ মেনেজমেণ্ট(কিউএএইউএম)ৰ ভিত্তিত ভাৰতৰ সৰ্ববৃহৎ এচেট মেনেজমেণ্ট প্ৰতিষ্ঠান। ক্ৰিচিলৰ প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত কোম্পানীটোৱে ১৫.৩ শতাংশ বজাৰ অংশীদাৰিত্বৰে মিউচুৱেল ফাণ্ডৰ সম্পদত ১২.৫১ লাখ কোটি টকা পৰিচালনা কৰি আছে। প’ৰ্টফ’লিঅ’ মেনেজমেণ্ট সেৱা আৰু অন্যান্য পৰামৰ্শদাতা সেৱাসমূহ অন্তৰ্ভুক্ত কৰিলে ইয়াৰ মুঠ কিউএএইউএম আছিল ২৯.৪৬ লাখ কোটি টকা। কোম্পানীটো ২৭.৯ শতাংশ বজাৰ অংশীদাৰিত্বৰে ভাৰতৰ সৰ্ববৃহৎ পেচিভ এচেট মেনেজাৰ আৰু ২০২১ চনৰ মাৰ্চ মাহৰ পৰা দুয়োটা খণ্ডতে নিজৰ নেতৃত্ব বজাই ৰাখিছে। ইয়াৰ প্ৰমটাৰসকল হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়া, আমুণ্ডি ইণ্ডিয়া হোল্ডিং আৰু আমুণ্ডি এচেট মেনেজমেণ্ট। গুৱাহাটী মহানগৰীত এই আইপিঅ’ খুচুৰা বিনিয়োগকাৰী, উচ্চ সম্পদশালী ব্যক্তি আৰু সমগ্ৰ অসমৰ বজাৰ অংশগ্ৰহণকাৰীসকলৰ পৰা তীব্ৰ আকৰ্ষণ লাভ কৰিব বুলি আশা কৰা হৈছে, যিয়ে ইকুইটি বজাৰত এই অঞ্চলটোৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ প্ৰতিফলিত কৰে। গুৱাহাটী মহানগৰৰ বিত্তীয় উপদেষ্টা আৰু ব্ৰকাৰেজ ফাৰ্মসমূহে কোম্পানীটোৰ বজাৰ নেতৃত্ব, প্ৰতিষ্ঠিত ব্ৰেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলত মিউচুৱেল ফাণ্ড তথা মূলধন বজাৰৰ বিনিয়োগ সম্পৰ্কে বৃদ্ধি পোৱা সজাগতাৰ বাবে এই ইছ্যুটোৰ এক সুস্থ চাহিদাৰ পূৰ্বানুমান কৰিছে।

কোটাক মহিন্দ্ৰা কেপিটেল কোম্পানী, এক্সিচ কেপিটেল, বফ্এ ছিকিউৰিটিজ ইণ্ডিয়া, এইচএছবিচি ছিকিউৰিটিজ এণ্ড কেপিটেল মাৰ্কেটছ (ইণ্ডিয়া), আইচিআইচিআই ছিকিউৰিটিজ, জেফ্ৰিজ ইণ্ডিয়া, জেএম ফাইনেন্সিয়েল, মতিলাল ওচৱাল ইনভেষ্টমেণ্ট এডভাইজৰ্ছ আৰু এছবিআই কেপিটেল মাৰ্কেটছ হৈছে ইয়াৰ বুক-ৰানিং লিড মেনেজাৰ; আনহাতে কেফিন টেকন’লজিছ হৈছে এই ইছ্যুৰ ৰেজিষ্ট্ৰাৰ। এই অফাৰ বুক-বিল্ডিং প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হৈছে, য’ত যোগ্য এছবিআই শ্বেয়াৰহোল্ডাৰ, এছবিআই ফাণ্ডচ মেনেজমেণ্টৰ কৰ্মচাৰী আৰু এছবিআইৰ কৰ্মচাৰীসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে। কৰ্মচাৰী সংৰক্ষণ শাখাৰ অধীনত প্ৰতিটো ইকুইটি শ্বেয়াৰত ৫৪ টকাকৈ ৰেহাই পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *